ASSAM TIMES POST
বিভাস দুৱৰা ডিচেম্বৰ: মানুহ মানুহ কেৱল মানুহ।হাজাৰ হাজাৰ মানুহ।প্ৰায় ২০ হাজাৰ প্ৰতিবাদী জনগন।এইয়া অসমীয়াৰ চেতনা,এইয়া জাতীয়তাবাদ।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ নেতৃত্বত আৰু স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সহযোগত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰুধী এক বিশাল জোঁৰ সমদল বাহিৰ কৰা হয়।
কাৰ্যসূচীৰ নাম দিয়া হৈছিল ৰুদ্ৰশিখা।য’ত কেবৰ বিৰুদ্ধে জোঁৰ সমদল লৈ ওলাই আহিছিল কেইবা হাজাৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী।কিন্তু কাৰ্যসূচী ইমানতে সিমিত নাছিল।
আছুৰ নেতৃত্বত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেদি ওলাই অহা এই সকল শিক্ষাৰ্থীক সহযোগ কৰিবলৈ আৰু এক্য শক্তিৰে এই ৰুদ্ৰশিখা জ্বলাই তুলিবলৈ স্বতঃস্ফুত ভাৱে বিশ্ববিদ্যালয়খনৰ সমিপৰ আৰু নিলগৰ গাঁৱৰ ৰাইজে অপেক্ষাৰ কৰি ৰয় ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাষে কাষে জুইৰ দাউ দাউকৈ জলি থকা শিখা হাতে হাতে লৈ লৈ।
আনকি বিজেপিৰ শক্তিশালী ভেটি থকা কুমাৰণীছিগা,বৰপথাৰ আদি অঞ্চলৰ পৰাও জাকে জাকে ডেকা,গাভৰু বৃদ্ধ-বনীতা ওলাই আহে আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ ৰুদ্ৰশিখাৰ লগত একত্ৰিত হৈ পৰে।নজিৰ বিহীন ভাবে এইদৰে ডিব্ৰুগড়ৰ আজি এই প্ৰতিবাদত গাঁৱ-চহৰৰ হাজাৰ হাজাৰ লোকে সহযোগ কৰি মুখ্যমন্ত্ৰীৰ গৃহ চহৰৰ পৰা যেন দিলে এক ৰণহুংকাৰহে।লোকে লোকাৰণ্য হৈ পৰা এই প্ৰতিবাদ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ৫ কিলমিটাৰ বাট কুৰি প্ৰায় ২০ হাজাৰ লোকে সদৰ থানাৰ সমিপৰ থানা চাৰিআলিত উপস্থিত হৈ এক প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে।
উল্লেখ যে এই প্ৰতিবাদত ভালেমান জাতীয় জনগোষ্ঠীয় সংগঠনে ৰুদ্ৰশিখা জ্বলাই পুনৰ এবাৰ কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নোলোৱাৰ হুংকাৰ দিয়ে।প্ৰতিবাদী শ্লোগান,ভোৰতালৰ শব্দৰে কঁপি উঠে ৰাজপথত,সমিপৰ আবাস গৃহ, আকাশ বতাহ।













