![]()
ভতিজাকৰ বিদ্ৰোহৰ বিৰুদ্ধে শৰদ পাৱাৰে (Sharad Pawar) প্ৰতিকাৰ ব্যৱস্থা লʼবলৈ আৰম্ভ কৰিলে। দলৰ সভাপতিগৰাকীয়ে এনচিপিৰ তিনিজন নেতাক বহিষ্কাৰ (NCP 3 leaders expelled) কৰে। দেওবাৰে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে অজিত পাৱাৰৰ (Ajit Pawar) শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল এনচিপিৰ এই তিনিজন নেতাই। সোমবাৰে তেওঁলোকক দলৰ পৰা আঁতৰাই পঠায়।
মুম্বাইৰ সংমণ্ডল এনচিপিৰ মুৰব্বী নৰেন্দ্ৰ ৰাথোৰ, দলৰ আকোলা চিটি জিলাৰ মুৰব্বী বিজয় দেশমুখ আৰু শিৱাজী গাৰ্জেকো দলৰ পৰা বহিষ্কাৰ কৰা হৈছে। দেওবাৰে অজিতৰ লগত তিনিওজনেই শপতগ্ৰহণ অনুষ্ঠানলৈ গৈছিল। এনচিপিৰ অনুশাসন সমিতিয়ে অজিতকে ধৰি ৯ গৰাকী বিধায়কক বৰ্খাস্ত কৰাৰ দাবী জনাইছে।

দেওবাৰে দুপৰীয়া অজিত অনুগামী বিধায়কসকলৰ সৈতে হঠাৎ ৰাজভৱনলৈ যায়। ইয়াৰ পিছত তেওঁ শিন্দে-বিজেপি চৰকাৰৰ লগত হাত মিলায়। পাৱাৰৰ ভতিজাকে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁৰ সৈতে শপত গ্ৰহণ কৰে এনচিপিৰ আন ৮ বিধায়কে। তেওঁলোক হʼল চাগন ভুজবল, দিলীপ ৱালছে পাটিল, অদিতি তাটকাৰে, ধনঞ্জয় মুণ্ডে, হাছান মুশ্বাৰীফ, ধৰমৰাজ বাবাৰাও আত্ৰম, সঞ্জয় বনচোড় আৰু অনিল বৈদাস পাটিল।
এনচিপিৰ ৫৩ গৰাকী বিধায়কৰ ভিতৰত ৪৩ গৰাকীৰ সমৰ্থন আছে বুলি দাবী কৰে অজিতে। দৰাচলতে দলত্যাগ আইনৰ পৰা হাত সাৰিবলৈ অজিতক ৩৬ জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। লগতে অজিতে এনচিপিত কোনো বিভাজন হোৱা নাই বুলিও কয়। আগন্তুক সকলো নিৰ্বাচনতে এনচিপিৰ নাম আৰু প্ৰতীক ব্যৱহাৰ কৰিব।
শৰদ পাৱাৰে কয় যে অজিতৰ এই সিদ্ধান্তত তেওঁ ‘বিব্ৰত’ হোৱা নাই। দেওবাৰে তেওঁ কয়, “যিটো হ’ল তাত মই একেবাৰেই বিব্ৰত নহয়।” তেওঁ কয়, “এয়া নতুন কথা নহয়। ১৯৮০ চনত আমাৰ ৫৮ জন বিধায়ক আছিল। ইয়াৰ পিছত সকলোৱে গুচি যায়। মাত্ৰ ছয়জন বিধায়ক আছিল। তাৰ পিছতো মই আছোঁ। যিসকলে মোক এৰি থৈ গৈছিল, তেওঁলোক কেন্দ্ৰত হেৰাই গৈছিল। দলীয় অনুশাসন উলংঘা কৰি শপত গ্ৰহণ কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হʼব।” তাৰ পিছত সোমবাৰেই পাৱাৰে এই ব্যৱস্থা গ্ৰহণ কৰিলে।
মহাৰাষ্ট্ৰত এনচিপিৰ ৰাজ্যিক সভাপতি জয়ন্ত পাটিলে দলটোক আন্ধাৰত ৰখাৰ বাবে ৯জন বিধায়কক বৰ্খাস্ত কৰাৰ আবেদন জনাব বুলি মন্তব্য কৰে।আনহাতে, সোমবাৰে এনডিটিভিক দিয়া এক সাক্ষাৎকাৰত শৰদে কয়, “আমাৰ পৰিয়ালত কোনো সমস্যা নাই। আমি পৰিয়ালত ৰাজনীতিৰ বিষয়ে আলোচনা নকৰো।” ভতিজাক অজিতৰ সিদ্ধান্ত একান্তই ‘ব্যক্তিগত’ বুলিও তেওঁ মন্তব্য কৰে।










