ASSAM TIMES POST
ডিফু : কাৰবি আংলং জিলাৰ ডিফুত স্থাপিত ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ বাবে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে হৈ যোৱা সাক্ষাৎকাৰ পুণৰ অনুষ্ঠিত কৰি থলুৱা পাহাৰীয়া জনজাতি নিবণুৱাক চাকৰিত নিযুক্তি প্ৰদানৰ লগতে কাৰবি আংলঙৰ খিলঞ্জীয়া নিবণুৱা যুৱক-যুৱতীৰ বাবে উক্ত পদ কেইটাত এশ শতাংশ সংৰক্ষণ দাবীত জিলাখনৰ বিভিন্ন সামাজিক সংগঠনে যুটীয়াভাবে ডিফুৰ ছেমছনছিং মেম’ৰিয়েল ইংতি পাৰ্কৰ সন্মূখত ৰূপায়ণ কৰি থকা অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্ণা কাৰ্যসূচী আজি সংগঠন সমূহে সাময়িক ভাবে স্থগিত কৰা হ’ল বুলি ঘোষণা কৰে ৷
সংগঠন সমূহৰ নেতৃবৰ্গই আজি প্ৰতিবাদ স্থলীতে এক সংবাদ মেলক সম্বোধন কৰি এই কথা সদৰি কৰে ৷ সংগঠনটোৰ হৈ কেএছএৰ সভাপতি বিজয় বে’ই কয় যে, ইতিমধ্যে সংগঠন সমূহৰ প্ৰতিবাদৰ বিষয় বস্তুকলৈ জিলা উপায়ুক্তই ৰাজ্য চৰকাৰলৈ এক পত্ৰ প্ৰেৰণ কৰিছে আৰু শুকুৰবাৰে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সৈতে সংগঠন সমূহৰ সৈতে আলোচনাত মিলিত হয় ৷
ইয়াৰ পিছত স্বাস্থ্যমন্ত্ৰী ডা: হিমন্ত বিশ্ব শৰ্মাই সংগঠন সমূহৰ নেতৃবৰ্গক গুৱাহাটীত আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে বুলি কয় ৷ চৰকাৰৰ আলোচনাৰ প্ৰতি সন্মান জনাইয়েই আজিৰ পৰা সাময়িক ভাবে সংগঠন সমূহৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্ণা কাৰ্যসূচী সাময়িক ভাবে স্থগিত কৰা হৈছে বুলি জানিব দিছে ৷
আনহাতে মন্ত্ৰী গৰাকীৰ সৈতে হোৱা আলোচনাত সন্তুষ্ট হলে অনিৰ্দিষ্টকালীন ধৰ্ণা প্ৰত্যাহাৰ কৰা হব আৰু আলোচনাত অসন্তুষ্ট হলে পুণৰ পৰহিৰ পৰা অনিৰ্দিষ্টকালীন ধৰ্ণা চলি থাকিব বুলি কয় ৷ ইয়াৰোপৰি সংগঠন সমূহৰ নতৃবৰ্গই কাইলৈৰ আলোচনাত কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কৰ্তৃপক্ষই ইতিবাচক সঁহাৰি দি স্থানীয় নিবণুৱা যুৱক-যুৱতী সকলৰ কৰ্ম সংস্থাপনৰ বাট মুকলি কৰিব বুলি আশাবাদী বুলি মন্তব্য কৰে ৷












