![]()
খুৰাক শৰদ পাৱাৰ (Sharad Pawar) আৰু ভতিজাক অজিত পাৱাৰ (Ajit Pawar)ৰ দ্বন্দ্বত ভাঙোনমুখী হৈছে এনচিপি (NCP in conflict)। বহিষ্কাৰ, প্ৰতি বহিষ্কাৰ আৰম্ভ হৈছিল দুদিন পূৰ্বে। বুধবাৰে মুম্বাইত পৃথক পৃথক সভাত হৈছে শক্তি প্রদর্শন। এইবাৰ এনচিপিৰ পতাকা আৰু নির্বাচনী প্রতীক ‘ঘড়ী’ৰ অধিকাৰ দাবী কৰি নির্বাচন আয়োগৰ দ্বাৰস্থ হ’ল অজিত পাৱাৰ গোট (Ajit Pawar group moves Election Commission)।
ভতিজাকৰ এনে পদক্ষেপৰ সম্ভাৱনাৰ পূৰ্বতেই অনুমান কৰিছিল অভিজ্ঞ মাৰাঠা ৰাজনীতিক শৰদ পাৱাৰে। সেয়ে মঙ্গলবাৰেই নির্বাচন আয়োগৰ ওচৰত এখন শপতনামা দি কেভিয়েট দাখিল কৰিছিল তেওঁৰ শিবিৰে। তেওঁলোকক নজনোৱাকৈ যাতে অজিত গোটক একপক্ষীয়ভাবে এনচিপিৰ নির্বাচনী প্রতীক দিয়া নহয়, তাৰ বাবেই নিৰ্বাচন আয়োগত শপতনামা দিয়া হয়।

ইফালে সঙ্ঘাতৰ এই পৰিস্থিতিতেই বুধবাৰে মুম্বাইত বৈঠক অনুষ্ঠিত কৰে এনচিপিৰ দুয়োটা গোটে। নৰিমন পপইণ্ট যশৱন্ত ৰাও চৱান চেণ্টাৰত শৰদৰ বৈঠকত উপস্থিত আছিল এনচিপিৰ ১৩ বিধায়ক, ২ বিধান পৰিষদৰ সদস্য আৰু লোকসভা আৰু ৰাজ্যসভাৰ তিনজনকৈ সাংসদ। আনহাতে, অজিত শিবিৰৰ দাবী, তেওঁলোকৰ বৈঠকত ৪০ জন বিধায়ক উপস্থিত হৈ ১০০ টকাৰ ষ্টাম্প পেপাৰত শপতনামাত চহী কৰি সমর্থন জনাইছে। উল্লেখ্য, মহাৰাষ্ট্র বিধানসভাত এনচিপিৰ বিধায়কৰ সংখ্যা ৫৩। দলত্যাগ বিৰোধী আইন এৰাবলৈতে অজিত গোটক প্রয়োজন দুই-তৃতীয়াংশ অর্থাৎ ৩৬ জন বিধায়কৰ সমর্থন।










