ASSAM TIMES POST
গোলাঘাট আৰু বোকাখাতৰ পৰা অজন্তা তালুকদাৰঃ আজি গোলাঘাট প্ৰেছ ক্লাবত জিলা কবি সন্মিলনৰ চলিত দ্বি বাৰ্ষিক কাৰ্যকালৰ দ্বিতীয়খনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। গোলাঘাট জিলা কবি সন্মিলনৰ সম্পাদক দীপ হেষ্টিংচ বড়িয়ে আঁত ধৰা অনুষ্ঠানৰ সভাপতিত্ব কৰে গোলাঘাট জিলা কবি সন্মিলনৰ সভাপতি নৰেণ শইকীয়াই। 
আগন্তুক গোলাঘাট জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠা দিৱস আৰু শিল্পী দিৱস পালনৰ প্ৰস্তুতিৰ লগতে বিত্তীয় পুঁজি সংগ্ৰহ আৰু ২০১৯ বৰ্ষত পুনৰ সংশোধন হোৱা ২০১৬ ৰ নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত সদৌ অসম কবি সন্মিলনৰ সিদ্ধান্ত অনুসৰি গোলাঘাট জিলা কবি সন্মিলনৰ উদ্যোগত অনুষ্ঠিত হ’ব লগীয়া প্ৰতিবাদী কাৰ্যসূচী অৱস্থান ধৰ্মঘটৰ প্ৰস্তাৱ তথা অন্যান্য কেতবোৰ সাংগঠনিক বিষয় সামৰি অনুষ্ঠিত সভাখনত অহা ৫ ডিচেম্বৰত গোলাঘাট জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠা দিৱস আৰু ১৬, ১৭ জানুৱাৰীত দুদিনীয়াকৈ কেন্দ্ৰীয় কাৰ্যসূচী শিল্পী দিৱস উদযাপন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
লগতে শিল্পী দিৱস উদযাপনৰ বাবে স্থানীয় ৰাইজক লৈ পৰৱৰ্ত্তী সময়ত এখন আদৰণী সমিতি গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাত সদৌ অসম কবি সন্মিলনৰ উপসভাপতি ৰাজুমনি বেজবৰুৱা, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক পলিমা চেতিয়া বসুমতাৰী, গোলাঘাট জিলা কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি ৰাখী দত্ত শইকীয়া, জিলা উপদেষ্টাদ্বয় ক্ৰমে অমৰ শৰ্মা আৰু কৌস্তুভমনি হাজৰিকা, জিলা উপসভাপতি ক্ৰমে মিনতি দলে, দিলীপ শৰ্মা, পাৰিজাত বৰুৱা, বন্দনা দত্ত, গোলাঘাট সদৰ কবি সন্মিলনৰ সভাপতি ড° দিপালী বৰা, বিশিষ্ট কবি অশোক দাস, সহকাৰী সম্পাদকদ্বয় ক্ৰমে অংকুৰ দেৱ শইকীয়া আৰু মনালিছা শইকীয়া, জিলা সাংগঠনিক সম্পাদক হেমা চৌধুৰী গগৈ, জিলা পত্ৰিকা সম্পাদক অজন্তা তালুকদাৰ, কাৰ্যনিৰ্বাহক সদস্য ক্ৰমে মৃগাংগ বৰুৱা, জুৰি সন্দিকৈ আৰু তৰা বৰুৱা আদি উপস্থিত থাকি সভাখন সফল কৰি তোলে।
উল্লেখ্য যে সমগ্ৰ অসমৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত সদৌ অসম কবি সন্মিলনে লোৱা প্ৰতিবাদৰ সিদ্ধান্তৰ প্ৰতি সঁহাৰি জনাই গোলাঘাট জিলা কবি সন্মিলনৰ উদ্যোগত উক্ত সভাতে প্ৰতিবাদী কাৰ্যসূচী হিচাপে অৱস্থান ধৰ্মঘট অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু এই মৰ্মে গোলাঘাট প্ৰেছ ক্লাৱৰ সন্মুখত গোলাঘাট জিলা কবি সন্মিলনৰ সমূহ সদস্য, বহু সংখ্যক সচেতন নাগৰিকৰ উপস্থিতিত অসমৰ জাতীয় স্বাৰ্থৰ পৰিপন্থী বিধেয়কখনৰ বাতিলৰ দাবীত গোলাঘাট জিলা কবি সন্মিলনৰ উদ্যোগত অৱস্থান ধৰ্মঘট অনুষ্ঠিত কৰি জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়।
ইফালে একে কাৰ্যসূচীৰ অন্তৰ্গত বোকাখাতত বোকাখাত আঞ্চলিক ছাত্ৰ সন্থা আৰু বোকাখাতৰ সমূহ শিল্পী সমাজৰ উদ্যোগত কবিতা, গীত আৰু কথাৰে বোকাখাতৰ সমূহ ছাত্ৰ সমাজ, শিল্পী, লেখক, শ্ৰমিক, জ্যেষ্ঠ নাগৰিককে আদি কৰি বিপুল সংখ্যক সচেতন ৰাইজৰ উপস্থিতিত দিনৰ ভাগত সাব্যস্ত কৰা জোৰদাৰ প্ৰতিবাদী কাৰ্যসূচীত বোকাখাত মহকুমা কবি সন্মিলনৰ সভাপতি অমৰ শৰ্মা আৰু সম্পাদক মনালিছা শইকীয়াকে ধৰি সকলো বিষয় ববীয়া আৰু সদস্যই সক্ৰিয় সহযোগ কৰে। সন্ধিয়ালৈ বোকাখাতত বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বিপুল সংখ্যক নাগৰিকক লৈ বিধেয়কখনৰ বাতিলৰ দাবীত এটি বৃহৎ জোঁৰ সমদল বাহিৰ কৰাৰ কথা।













