ASSAM TIMES POST
শিৱসাগৰ : আজি সন্ধিয়া কেবৰ বিৰুদ্ধে শিৱসাগৰত সদৌ অসম মটক ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। শিৱসাগৰৰ দ’লমুখ চাৰিআলিত সংগঠনটোৰ তিনিগৰাকী সদস্যই সম্পূৰ্ণ উলংগ হৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতলৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে।

বিজেপি গৌ বেগ, আৰ অচ এচ গৌ বেক, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, সৰ্বানন্দ সোনোৱাল হুচিয়াৰ, জয় আই অসম আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ কৰে।
উলংগ প্ৰতিবাদ কৰা তিনি যুৱকে কয়, বিজেপি চৰকাৰৰ বাবে আজি আমি উলংগ হবলৈ বাধ্য হলো। যদি বিজেপি চৰকাৰে কেব গৃহীত কৰে অসম ৰাঙলী হব। অসমীয়া ডেকা হয় মৰিবও জানো মাৰিবও জানো।অৱশ্যে তিনি যুৱকক আৰক্ষীয়ে আটক কৰি শিৱসাগৰ সদৰ থানালৈ লৈ যায়।













