ASSAM TIMES POST
ডিফু : নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে বিভিন্ন সংগঠনে ৯ আৰু ১০ ডিচেম্বৰলৈ আহ্বান জনোৱা বন্ধলৈ পাহাৰীয়া জিলা সদৰ চহৰ ডিফুত মিশ্ৰিত প্ৰভাৱ পৰিলক্ষিত হয় ৷
বন্ধৰ কালছোৱাত ডিফুৰ দূৰণিবটীয়া যাত্ৰীবাহী আৰু গধূৰ যান- বাহান চলাচল বন্ধ থাকে যদিও অট’ ৰিক্সাকে আদি কৰি কেতবোৰ লঘু যান-বাহনৰ চলাচল অব্যাহত থাকে ৷
ইয়াৰোপৰি চহৰ খনৰ একাংশ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু একাংশ দোকান পোহাৰো খোলা থাকে ৷ বাতৰি লিখা পৰলৈকে চহৰখনত কোনো অপ্ৰিতীকৰ পৰিস্থিতিৰ উদ্ভব হোৱা নাই ৷













