ASSAM TIMES POST
নগাঁওঃনগাঁও চহৰৰ আমোলাপট্টি অঞ্চলতস্হিত ৰাজ্যিক নাৰী গৃহত সমাজ কল্যাণ বিভাগৰ দ্বাৰা আয়োজিত মাতৰু বন্দনা সপ্তাহৰ আজি সামৰণি পৰে।
সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে নগাওঁ জিলাৰ উপায়ুক্ত যাদৱ শইকীয়াই অংশগ্ৰহণ কৰি মাতৰু আঁচনিত উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰা কঠীয়াতলী চি,দি,পি,অ’ কাৰ্য্যালয়ক, চুপাৰভাইজাৰ মৌচুমী গায়ন তামুলী, অংগনাৱাদি কৰ্মী জোছনাৰা বেগম আৰু সহায়িকা পপী শইকীয়াক মানপাত্ৰ প্রদান কৰি সম্বৰ্ধনা জনায় ।
অনুষ্ঠানত উপায়ুক্ত গৰাকীয়ে এই আঁচনিৰ জৰিয়তে যাতে জিলাখনৰ গৰ্ভৱতী মাতৃ সকল উপকৃত হয় আৰু তেওঁ লোকৰ আহিব লগা সন্তানৰ যাতে সকলো ধৰণৰ পুষ্টিসাধন পূর্ণ হৈ উঠে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনায় ।
উল্লেখ্য, এই আচঁনিত সমগ্র ৰাজ্যৰ ভিতৰতে নগাঁও জিলা শীৰ্ষত আছে। আজিৰ এই অনুষ্ঠানত জিলা জনসংযোগ বিষয়া সমৰ কলিতা, জিলা সমাজ কল্যান বিষয়া দীনেশ দাস প্ৰমুখ্যে কেইবাগৰাকী বিষয়া আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।













