![]()
বিজেপি বিৰোধী মিত্ৰজোঁটৰ (Opposition alliance) নেতাৰ ‘পৰামৰ্শ’ক আওকাণ (Ignoring) কৰি এনচিপিৰ মুৰব্বী শৰদ পাৱাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে একেখন মঞ্চত উপবিষ্ট (Sharad Pawar greets Modi, shares stage with him) হয়। স্বাধীনতা সংগ্ৰামী বাল গংগাধৰ তিলকৰ ১০৩ সংখ্যক মৃত্যু বাৰ্ষিকী (103rd death anniversary of Bal Gangadhar Tilak) উপলক্ষে মঙলবাৰে পুনেত মোডীক সম্বৰ্ধনা (Modi felicitated in Pune) জনোৱা হয়। মুখ্য অতিথি হিচাপে শৰদ পাৱাৰে এই সন্মান প্ৰদান কৰে।
উল্লেখযোগ্য যে চলিত মাহত মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত বিৰোধী মিত্ৰজোঁটৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হʼবলৈ গৈ আছে। ‘ইণ্ডিয়া’ৰ মিত্ৰ শিৱসেনা (উদ্ধৱ) আৰু কংগ্ৰেছৰ লগতে উদ্যোক্তাসকলৰ ভিতৰত শৰদ পাৱাৰৰ এনচিপিও আছে। কিন্তু উক্ত বৈঠকৰ কেইসপ্তাহমান পূৰ্বে পুনেত প্ৰধানমন্ত্ৰী মোডীৰ লগত মঞ্চত শৰদ পাৱাৰৰ উপস্থিতিয়ে বিৰোধী মিত্ৰজোঁটৰ অস্বস্তি বৃদ্ধিহে কৰিলে বুলি একাংশ ৰাজনৈতিক বিশ্লেষকৰ মত।
তাৎপৰ্যপূৰ্ণভাৱে পুনেৰ ‘লোকমান্য তিলক সম্পৰ্ক মন্দিৰ ট্ৰাষ্ট’ৰ কাৰ্যসূচীত শৰদ পাৱাৰৰ ভতিজাক তথা এনচিপিৰ বিদ্ৰোহী গোটৰ নেতা অজিত পাৱাৰো উপস্থিত আছিল। কেৱল শিৱসেনা (উদ্ধৱ) বা কংগ্ৰেছৰ দৰে মিত্ৰ দলেই নহয়, শৰদ পাৱাৰৰ সমৰ্থক এনচিপিৰ নেতৃত্বৰ এটা অংশয়ো তেওঁক পুনেলৈ নাযাবলৈ আহ্বান জনাইছিল। কিন্তু কাৰ্যত সেয়া দেখা নগ’ল।
আনহাতে, শৰদ পাৱাৰৰ উপস্থিতিত মঙলবাৰে মোডীয়ে কয়, “স্বাধীনতা সংগ্ৰামত মাৰাঠা নেতাসকলৰ মাজত নতুন প্ৰতিভা বিচাৰি উলিওৱাৰ এক অলৌকিক ক্ষমতা লোকমান্য তিলকৰ আছিল। বীৰ সাৱৰকাৰৰো একেই দক্ষতা আছিল।” চৰ্দাৰ বল্লভভাই পেটেলো লোকমান্য তিলকৰ ভাষণৰ অনুৰাগী বুলি মোডীয়ে দাবী কৰে।











