ASSAM TIMES POST
ৰঙাপৰাঃ অসমীয়া জাতিৰ আৱেগক নস্যাত কৰি লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছত ক্ৰমাত অশান্ত হৈছে অসম। জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবীত আজি উত্তৰ-পূৱৰ বন্ধৰ আহ্বান জনাইছে নেছ, আছুকে ধৰি জাতি-জনগোষ্ঠীয় দল সংগঠনসমূহে।
অসমীয়া ভাষা-সংস্কৃতিক বিপন্ন কৰি কেন্দ্ৰীয় চৰকাৰে কেবৰ জৰিয়তে অসমত হিন্দু বাংলাদেশীক সংস্থাপন কৰিব খোজা সিদ্ধান্তক প্ৰতিহত কৰিবলৈ ৰাজপথত স্বতস্ফুতভাৱে ওলাই আহিছে অসমৰ জনতা।
ৰাজ্যৰ জিলাই জিলাই কেবৰ বিৰুদ্ধে হৈ থকাৰ প্ৰতিবাদৰ মাজতে ৰঙাপৰাতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।ব্যৱসায়ীক প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আদি বন্ধ হৈ থকা পৰিলক্ষিত হৈছে। ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদকাৰীয়ে পালন কৰে বন্ধ।
তাৰোপৰি ৰঙাপৰাৰ পৰা যাতায়ত কৰিব লগীয়া যাএীবাহী ৰে’ল বিভিন্ন স্হানত অৱৰোধ কৰাৰ বাবে ৰেল যাতায়ত সেৱাৰ পৰা যাএী সকল চৰম দুৰ্ভোগ ভুগিছে। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু দিৱসৰ দিনাই নেছই আহ্বান জনোৱা অসম বন্ধত ৰঙাপৰা অঞ্চলৰ জনজীৱন স্তব্ধ হৈ পৰে।
ইপিনে ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত এলেকা সমুহত আজি বন্ধৰ সময়চোৱাত ৰঙাপৰা আঞ্চলিক ছাএ সন্থা অসম জাতীয়তাবাদী যুৱ ছাএ পৰিষদ ৰঙাপৰা আঞ্চলিক সমিতি গোৰ্খা ছাএ সন্থা আৰ্টছা অসমীয়া জাতীয় ঐক্য মঞ্চৰ বিষয়ববীয়া ও স্হানীয় ৰাইজে সমগ্র নগৰ বাইক ৰেলী প্রতিবাদী ধব্বনিৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ বাতিলৰ দাবীত কেব বিৰোধী শ্লোগানৰে আকাশ বতাহ কঁপাই তোলে।













