![]()
যুক্ত ৰাষ্ট্ৰৰ পঞ্জীয়ন ভূক্ত ‘ভিভু আৰ্ট জন ‘ সৌজন্যত আয়োজিত পঞ্চম আন্তৰ্জাতিক অনলাইন আৰ্ট কম্পিটিচন এন্ড এক্সিবিচনৰ(International Online Art Competition and Exhibition) গ্ৰুপ চি ৰ প্ৰতিযোগিতাত যোগ দান কৰি কাৰ্বি আংলং জিলাৰ যুৱক তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ তথ্য আৰু জন সংযোগ বিভাগৰ ফটোগ্ৰাফাৰ ৰহিত পাটৰ ছিংনাৰে উচ্চ ফটোগ্ৰাফিৰ প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।

উচ্চ ফটোগ্ৰাফিত ৰহিতৰ সৈতে চিন’ ক্লিৰেন- জাপান, নয়না গুহ- পশ্চিম বংগ আৰু নাইনা চুইটজাৰলেণ্ডৰ নাইনা মিটালি, 4 জনে এই পুৰস্কাৰ লাভ কৰে। কাৰ্বি আংলঙৰ ৰহিতে কাৰ্বি পৰম্পৰাগত কেংদংদাং কেদঙৰ আলোকচিত্ৰ ৰে এই পুৰস্কাৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়। ১৯ আগষ্ট আন্তৰ্জাতিক ফটোগ্ৰাফি দিৱসৰ পৰিপ্ৰেক্ষিতত ৰহিতে আন্তৰ্জাতিক ফটোগ্ৰাফি প্ৰতিযোগিতাত এই পুৰস্কাৰ লাভ কৰা খবৰে জিলাখনত সুখবৰ কঢ়িয়াই আনে।













