![]()
অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত এইবাৰ মাছ বেপাৰীৰ ৰূপত আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী ৷ মঙলবাৰে কাৰবি আংলং জিলাৰ এএছপি (পি) জন দাসৰ এক নিৰ্ভৰযোগ্য তথ্য অনুসৰি খটখটী থানাৰ অচি ৰমেন বৰদলৈৰ নেতৃত্বত এছআই (পি) স্বমধন স্বৰ্গীয়াৰী, থানা ষ্টাফ চি 20 চিআৰপিএফৰ সহযোগত অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত এক বিশেষ নাকা তালাচী চলোৱা হয় ৷

তালাচী কালত ডিমাপুৰ দিশৰ পৰা ছাইকেলেৰে আহি থকা এজন মাছ বেপাৰীক তালাচী চলাই বেপাৰীজনৰ ব্গত থকা এটা প্লাষ্টিকৰ চাবোনৰ বাকচৰ পৰা ১২’৯০ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰা হয় ৷ সন্দেহযুক্ত হেৰ’ইন খিনিৰ সৈতে আৰক্ষীয়ে নগাওঁ জিলাৰ জুৰিয়া থানাৰ অন্তৰ্গত মেলেকা ধিঙৰ মৃত ৰৈছুদ্দিনৰ পুত্ৰ ছুলমান আলী (৩০)ক আটক কৰিবলৈ সক্ষম হৈছে ৷ অধিক তথেযৰ বাবে আৰক্ষীয়ে ধৃত ছুলমান আলীক জেৰা অব্যাহত ৰাখিছে ৷













