![]()
ডিফুত ডেংগুৰ ভয়াবহ সংক্ৰমণৰ( Dengue in Diphu)মাজতে ভূতৰ ওপৰত দানৱ পৰা দি পৰিছে এইবাৰ চকু ৰঙা পৰা ৰোগ৷ বৰ্তমানে ডিফু চহৰত অব্যাহত আছে ডেংগুৰ ভয়াৱহ ৰূপ ৷ এনে এক জটিল সময়তে উদ্বেগজনকভাৱে চহৰখনত প্ৰাদুৰ্ভাৱ ঘটিছে চকু ৰঙা পৰা ৰোগৰ ৷ এই চকু ৰঙা পৰা ৰোগ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজতো ভয়ানকভাৱে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷

উদ্বেগজনক ভাৱে বৃদ্ধি পোৱা ডেংগু আৰু আৰু চকু ৰঙা পৰা ৰোগক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ ৷ এনে পৰিস্থিতিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙৰ পৰামৰ্শ অনুসৰি শিক্ষা বিভাগে গ্ৰহন কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷
আজিৰে পৰা ডিফু পৌৰ সভা এলেকাত ৫ দিনলৈ সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰিছে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে ৷
আজিৰে পৰা ২৭আগষ্টলৈকে বন্ধ থাকিব ডিফু পৌৰ সভা এলেকাৰ সকলো শিক্ষানুষ্ঠানসমূহ ৷ আজি এই কথা প্ৰকাশ কৰিলে পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবীয়ে ৷লগতে ডেংগু আৰু চকু ৰঙা পৰা ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত শিক্ষানুষ্ঠানসমূহৰ কৰ্তৃপক্ষকো সজাগতামূলক ব্যৱস্থা গ্ৰহনৰ আহ্বান জনালে শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য গৰাকীয়ে৷
ইফালে ডিফুত ৩,২৫২ গৰাকীলৈ বৃদ্ধি পাইছে ডেগুত আক্ৰান্তৰ সংখ্যা ৷কালিৰ দিনটোত তেজ পৰীক্ষা কৰা ২১৯ গৰাকীৰ ভিতৰত ১৩৪ গৰাকীয়ে ডেংগু পজিটিভ৷ প্ৰতি দিনাই অস্বাভাবিকভাৱে বৃদ্ধি পোৱা ডেংগু প্ৰতিৰোধ কৰাত যেন এতিয়া ব্যৰ্থ জিলা স্বাস্থ্য বিভাগ৷ এইলৈ এতিয়া চৰম শংকিত ডিফুবাসী ৰাইজ












