ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত
বোকাখাতত কেবৰ বিৰুদ্ধে সৰ্বত্ৰ বিদ্ৰোহ । সমগ্ৰ মহকুমাত ৰাস্তাৰ ওপৰত গছ বগৰাই টায়াৰ জলাই প্ৰতিটো তিনি আলি চাৰি আলিত পথ অবৰোধ। বোকাখাতৰ জেডিএছজি কলেজৰ ছাত্ৰ সমদল লগতে বিহৰা বৰচাপৰি লখৌজান ইকৰাজান নাহৰজান ডিফলু বাগিচাৰ শ শ চাহ শ্ৰমিকৰ কেব বিৰোধী সমদলত উত্তাল কৰে বোকাখাত আজি ।


আনহাতে আজি বোকাখাত মহকুমা সাংবাদিক সন্থাও কেব বিৰোধী অৱস্থান ধৰ্মঘটত বহে। অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি ভৱানন্দ কলিতা, সম্পাদক উত্তম শইকীয়া , মহকুমা সাংবাদিক সন্থাৰ সম্পাদক নিলু আচাৰ্য , চি এন বি কলেজৰ অধ্যক্ষ শৰত দত্ত , সাংবাদিক ৰঞ্জিত ৰজক , ইমজাৰ সম্পাদক প্ৰদ্যুত মহন্ত , প্ৰদীপ হাজৰিকা, ৰোমান বৰুৱা , অজন্তা তালুকদাৰ, পলিমা চেতিয়া বসুমতাৰী , অচ্যুত হাজৰিকা, বিদ্যুত বৰুৱা , মহাবীৰ প্ৰসাদ আগৰৱালা, মহেশ আগৰৱালা , ধীৰেণ শইকীয়া আদি এই অৱস্থান ধৰ্মঘটত উপস্থিত থাকে ।

আজি বোকাখাতত অগপ সভাপতি অতুল বৰাৰ প্ৰতীকী শৱদেহও লৈ শ্মশান যাত্ৰা কৰে । ঠায়ে ঠায়ে সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত অসম গণ পৰিষদৰ বোকাখাত জিলাৰ সভাপতি জগত কলিতাই অংশ লৈ কেবৰ মুকলি বিৰুধিতা কৰে । ৰাইজৰ পক্ষত থাকি পৰবৰ্তী যিকোনো কাৰ্যসূচীত সহযোগিতা কৰাৰ কথা ব্যক্ত কৰে সভাপতি গৰাকীয়ে লগতে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য জীৱেশ্বৰ বৰা আৰু ইন্দ্ৰ শৰ্মাই ও এই কথা সদৰি কৰে । উল্লেষযে আজি ১৪৪ ধৰা ভংগ কৰি বোকাখাত চহৰৰ মাজ মজিয়াত হাজাৰ হাজাৰ লোক ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰে । সকলো দল সংগঠনৰ ঐক্যবদ্ধ প্ৰতিবাদ কম্পমান হৈ উঠে বোকাখাত চহৰ । টি এম পিকে , প্ৰয়াস অধ্যয়ন চক্ৰ ছাত্র সন্থা , জাতীয়তাবাদী ছাত্ৰ সন্থা , জেডিএছজি কলেজ, চি এন বি কলেজ , বোকাখাত সাহিত্য সভা , জ্যেষ্ঠ নাগৰিক , ব্যবসায়ী সন্থা, লেখিকা সমাৰোহ সমিতিৰ , বোকাখাত জাতীয় বিদ্যালয় , মজদুৰ সংঘ , বোকাখাত কবি সন্মিলন, জনগোষ্ঠীয় ঐক্য মঞ্চ , মিচিং সাহিত্য সভা , গোৰ্খা ছাত্র সন্থা , বোকাখাত সাংবাদিক সন্থা , প্ৰাথমিক শিক্ষক সন্মিলন, মহাবিদ্যালয় শিক্ষক গোট , পেঞ্চনাৰ সন্থা ,বোকাখাত গৰ্জন , বোকাখাতৰ ৰাইজ , ছাত্র শিক্ষক, শিল্পী সাহিত্যিক , দল সংগঠন উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
আনহাতে আজি বোকাখাতত মহকুমা প্ৰশাসন, আৰক্ষী প্ৰশাসন উদ্যোগত বোকাখাতৰ সকলো দল সংগঠনৰ সহযোগত বোকাখাত নাট্য মন্দিৰত এক সভা অনুষ্ঠিত হয়। সভাত শান্তিপূৰ্ণ ভাৱে আন্দোলনৰ কাৰ্যসূচী চলাই যাবৰ বাবে উমৈহতীয়া সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু দোকান বজাৰ সমুহ নিয়মীয়াকৈ খোলাৰ ব্যবস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত মহকুমা আৰু আৰক্ষী প্ৰশাসনক চকু ৰাখিবলৈ অনুৰোধ কৰে।
নিশালৈ আন্দোলনৰ কাৰ্যসূচী সমুহ নলবলৈ সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত মহকুমাধিপতি বিবেক শ্যাম, মহকুমা আৰক্ষী বিষয়া কল্যাণ দাস , ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া , দণ্ডাধিশ , প্ৰায়বোৰ বোকাখাতৰ সাহিত্য সংস্কৃতি , শিক্ষা, ক্ৰীড়াৰ দল সংগঠন উপস্থিত থাকে।













