ASSAM TIMES POST
বোকাখাত : বোকাখাত নাট্যমন্দিৰত আজি বোকাখাত মহকুমা আৰু বোকাখাত আঞ্চলিক ছাত্ৰ সন্থা, বোকাখাত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বোকাখাত টাই আহোম ছাত্ৰ সন্থা আৰু বোকাখাতৰ বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে বোকাখাত ব্যৱসায়ী সংগঠন এক আলোচনাত মিলিত হয়।
নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ আৰু ইয়াৰ বিৰোধিতাত সমগ্ৰ দেশৰ লগতে বোকাখাততো চলি থকা প্ৰতিবাদী আন্দোলন সন্দৰ্ভত বিশদ আলোচনা কৰা হয়। সভাত উমৈহতীয়াভাৱে এই আইনৰ বিৰোধিতা কৰা হয় আৰু এই আন্দোলনত জাতীয় সংগঠনৰ লগত সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
আনহাতে অসমৰ দল সংগঠন, ব্যক্তি বিশেষে উচ্চতম ন্যায়ালয়ত তৰা গোচৰৰ ন্যায় প্ৰদানত অতি কমেও পাঁচজনীয়া বিচাৰপীঠ দাবী কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ স্মাৰক পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আন্দোলনটোলৈ বোকাখাতৰ ব্যৱসায়ী সকলে পূৰ্ণ সমৰ্থন আৰু সহায় সহযোগিতা প্ৰদানৰ প্ৰতিশ্ৰুতি দি বোকাখাতৰ দোকান-পোহাৰ সমূহ আজি আৰু কাইলৈ আবেলি পাঁচ বজাৰ পৰা বন্ধ ৰখা আৰু পৰবৰ্তী সময়ত পৰিস্থিতি শান্ত হ’লে নিয়মীয়াকৈ ব্যৱসায়ী প্ৰতিষ্ঠান সমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
সভাত বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ সভাপতি গীতাৰ্থ শইকীয়া, বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপ ঠাকুৰীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি দীপক হাজৰিকা, টাই আহোম ছাত্ৰ সন্থাৰ বিজয় ফুকন, অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত ব্যৱসায়ী সন্থাৰ সভাপতি আৰু সম্পাদক ক্ৰমে পূৰ্ণকান্ত শৰ্মা আৰু নৱাগত শইকীয়া, সমাজকৰ্মী তথা ব্যৱসায়ী শৰৎ ৰঞ্জন শৰ্মা, দিলীপ শইকীয়া, অজয় শৰ্মা, সাংবাদিক অমৰ শৰ্মা, জ্যেষ্ঠ সাংবাদিক উত্তম শইকীয়া, দুলাল ডেকা আদিয়ে ব্যক্তব্য ৰখাৰ লগতে বোকাখাতৰ ব্যৱসায়ী সকল আৰু বহু অনুষ্ঠানক প্ৰতিনিধিত্ব কৰা ব্যক্তি সকল উপস্থিত থাকে।













