![]()
২০২১ চনৰ চাৰি ছেপ্তেম্বৰত নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু কাৰবি আংলঙৰ ছয়টাকৈ উগ্ৰপন্থী সংগঠনে অস্ত্ৰ ত্যাগ কৰি ঐতিহাসিক শান্তি আলোচনাৰ জৰিয়তে মূল সূতিলৈ ঘূৰি অহাৰ পিছত ২০২৩ চনৰ ৪ ছেপ্তম্বৰত এই চুক্তিয়ে ২ বছৰ অতিক্ৰম কৰিব ৷

ছয়টা সংগঠন ক্ৰমে, কেএলএনএলএফ, উল্লেখযোগ্যে, পিডিচিকে, ইউপিএলএ আৰু কেপিএলটি তিনিটা গোটৰ নেতা সদস্য সকলে অস্ত্ৰ ত্যাগ কৰাৰ পিছত পাৰ্বত্য জিলা কাৰবি আংলঙলৈ নামি আহিছিল শান্তিৰ ঢৌ ৷ পৰৱৰ্তী পৰ্যায়ত শান্তি আলোচনাত স্বাক্ষৰ কৰা উগ্ৰপন্থী সংগঠন কেইটাই সংগঠন সমূহৰ কল্যাণ, উন্নয়ন প্ৰগতি আৰু চুক্তিত সন্নিৱিষ্ট দফা সমূহ আখৰে আখৰে পূৰণ কৰাৰ স্বাৰ্থত ডিফুত সৰ্ব সন্মতি কিৰমে কাৰবি এক্স ৰিভুলেশ্যনাৰী ইউনাইটেড ফ’ৰাম চমুকৈ K.E.R.A.U.F নামাকৰণেৰে এক ঐক্যৱদ্ধ মঞ্চ গঠন কৰিছিল ৷
সেই উপলক্ষে ৩ আৰু চাৰি ছেপ্তেম্বৰ দুদিনীয়া কাৰ্যসূচীৰে প্ৰথমবাৰৰ বাবে উদযাপন কৰিবলৈ লৈছে K.E.R.U.Fৰ প্ৰথমখন সন্মিলন ৷ ডিফুৰ জয়ছিং দলে সোঁৱৰণি প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানটিৰ আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তেলন কৰে K.E.R.U.Fৰ সভাপতি সম্পাদক ক্ৰমে পি দিল্লী আৰু প্ৰদীপ তেৰাঙে ৷
শ্বহীদ তৰ্পণ কৰে ছাৰচিং ইংতিয়ে ৷ কাইলৈ অৰ্থাৎ চাৰি ছেপ্ত্ম্বৰত মুকলি সভাত মুখ্য অতিথি হিছাপে উপস্থিত থাকিব কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ উপস্থিত থাকে ৷ আনহাতে আজিৰ প্ৰথম দিনৰ কাৰ্যসূচীত সংগঠনটোৰ এক আলোচনা চক্ৰত সংগঠনটেৰ শীৰ্ষ নেতা সকল উপস্থিত থাকে ৷













