ASSAM TIMES POST
ডিফু : পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত বৃহত পৰিমানৰ নিষিদ্ধ কাঁহ চিৰাপ কোডেইন সহ এজন যুৱক আটক হোৱা ঘটনাত চহৰখনত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে আজি বিয়লি ৪ মান বজাত আৰক্ষীৰ বিশেষ সূত্ৰৰ পম খেদি ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাওকাম চাংছানৰ নেতৃত্বত আৰক্ষীৰ দলে অভিযান চলাই ডিফুৰ পাৰ্শৱৰ্তী এলেকা হৰিলাল বস্তিৰ পৰা বৃহৎ পৰিমানৰ নিষিদ্ধ কাঁহ চিৰাপ কোডেইন সহ যুৱকজনক আটক কৰিবলৈ সক্ষম হয় ৷

যুৱকজন ডিফু হৰিলাল বস্তিৰ আব্দুল ৰাজাকৰ পুত্ৰ ৰাহুল আলম ওৰফে বাবু (২২) বুলি চিনাক্ত কৰা হৈছে ৷ এইলৈ ডিফু নগৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে যুৱকজনক জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখযোগ্যযে, চহৰখনত যোৱা কিছুদিনৰ পৰা যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ আসক্তি বৃদ্ধি পাই আহিছে তেনে সময়ত ড্ৰাগছ সহ যুৱকজনক গ্ৰেপ্তাৰ হোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷













