ASSAM TIMES POST
বোকাখাত : ২৮ সংখ্যক অসম মাষ্টাৰ্চ এথেলেটিকচৰ বোকাখাতত হব লগা প্ৰতিযোগিতাৰ আয়োজক সমিতিৰ আজি এক জৰুৰী সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে অসম মাষ্টাৰ্চ এথেলেটিকচ প্ৰতিযোগিতাৰ বোকাখাত আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি কেশৱ উপাধ্যায়ে।
আৰম্ভণিতে অসমৰ অস্তিত্ব ৰক্ষাৰ বৰ্তমানৰ নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ প্ৰতিবাদত মৃত্যু বৰণ কৰা ব্যক্তি কেইগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই মৌন প্ৰাৰ্থনা জনোৱা হয়। উদ্দেশ্য ব্যাখ্যা কৰি আয়োজক সমিতিৰ সম্পাদক সুবোধ বৰাই আগন্তুক ২৭ ২৮ ২৯ ৩০ ডিচেম্বৰৰ পৰা হব লগা অসম মাষ্টাৰ্চ এথেলেটিকচ প্ৰতিযোগিতাৰ ক্ষেত্ৰত বৰ্তমান কা বিৰোধী যি প্ৰতিবাদী আন্দোলন আৰু অসমৰ পৰিস্থিতিত এই প্ৰতিযোগিতা খনি বোকাখাতত সময় অনুসৰি কৰিব পৰাৰ নিশ্চয়তা সন্দৰ্ভত উপস্থিত দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিত্ব কৰা সমবেত ৰাইজৰ আগত বিষয় হিচাপে ডাঙি ধৰে।
অসম ৰাজ্যিক সাংবাদিক সন্থা ৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই সময়মতে প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ লোৱা কথা ব্যক্ত কৰে। বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপজ্যোতি ঠাকুৰীয়াই ঠাকুৰীয়া, আটছাৰ বোকাখাত শাখাৰ সভাপতি সুশীল কালিন্দী, অসম গোৰ্খা ছাত্ৰ সন্থাৰ বোকাখাতৰ সভাপতি ৰুদ্ৰ ছেত্ৰীয়ে বোকাখাতৰ এনে প্ৰতিযোগিতাৰ প্ৰতি পূৰ্ণ সহযোগিতা কৰাৰ লগতে অসম গণ পৰিষদৰ সভাপতি তথা বোকাখাতৰ বিধায়ক, মন্ত্ৰী অতুল বৰা যিহেতু নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে আছে আৰু আদৰণী সমিতিৰো সভাপতি, গতিকে তেখেতৰ আৰু দলীয় আন নেতাৰ উপস্থিতিত হ’ব পৰা প্ৰতিবাদী আন্দোলনৰ কাৰ্য্যসূচী অব্যাহত থাকিব বুলি মত পোষণ কৰে।
বোকাখাত প্ৰেছ ক্লাৱৰ সম্পাদক উত্তম শইকীয়াই প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ সপক্ষে মত দিয়াৰ লগতে অতুল বৰাৰ প্ৰসংগত ৰাইজে এটা স্থায়ী সিদ্ধান্ত আজিয়েই লোৱা ভাল বুলি মত পোষণ কৰে। সভাত অসম মাষ্টাৰ্চ এথটলেটিকচৰ কাৰিকৰী সঞ্চালক মোহন চন্দ্ৰ বৰা, ৰাজ্যিক কাৰ্যকৰী সদস্য চক্ৰধৰ দত্ত, মিনু শইকীয়া, গোলাপ শইকীয়া উপস্থিত থাকি মত বিনিময় কৰে। বিভিন্ন দল সংগঠনৰ বিষয় ববীয়াৰ সহমতত পূৰ্বে নিৰ্ধাৰিত তাৰিখ আৰু স্থানতে প্ৰতিযোগিতাখনি অনুষ্ঠিত হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত বোকাখাত জিলা মাষ্টাৰ্চ এথলেটিকচ সন্থাৰ সভাপতি ৰেবকান্ত হাজৰিকা, সম্পাদক দীপেন শইকীয়া আৰু বিজয় সন্দিকৈ উপস্থিত থাকে।













