ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ দাবীত আজি বোকাখাতত ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত দিন যোৰা কাৰ্যসূচীৰে গীত কবিতা ভাষনেৰে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়।
সভাৰ আঁত ধৰে বোকাখাত ব্লক কংগ্ৰেছৰ প্ৰশাসনিক সম্পাদক বিমল দলেয়ে। পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ, অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, জ্যেষ্ঠ সাংবাদিক বুবুল দত্ত, কবি সাহিত্যিক নিজৰা বৰঠাকুৰ, কল্পনা চেতিয়া, সূবৰ্ণ শইকীয়া বৰদলৈ, প্ৰাক্তন বিধায়ক অৰুণ ফুকন, উত্তম শইকীয়া, মিনতি দলে, অমল শৰ্মা, আদিয়ে ভাষন প্ৰদান কৰে।
যোগেন টাইড, সুদেষ্ণা তামুলী, কৃষ্ণাশ্ৰী বৰা আৰু ৰুণজুন দত্ত শইকীয়াই গীত পৰিবেশন, জোনাকপ্ৰিয়া খাৰঘৰীয়া ই কবিতা পাঠ কৰে। প্ৰদেশ কংগ্ৰেছৰ সম্পাদক পৰাগ শইকীয়া, সদস্য অতুল নাথ, জিলা মহিলা কংগ্ৰেছৰ মামণি বৰা, মামণি দলে, ব্লক কংগ্ৰেছৰ বিপুল দাস, কালিদাস উপাধ্যায়, সুভাষ চাহু, সীমান্ত শইকীয়া, জিতু শইকীয়া, ধৰ্মেশ্বৰ কুৰ্মি, আদি উপস্থিত থাকে।













