ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ খুমটাই বিধান সভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাইছে গোলাঘাট জিলা ছাত্র সন্থাই। গোলাঘাট জিলাৰ উপায়ুক্তক শুকুৰবাৰে এই সন্দৰ্ভত গোলাঘাট জিলা ছাত্র সন্থাৰ এটা প্ৰতিনিধি দলে বিধায়কগৰাকীক গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ কথা জানিব পৰা গৈছে।
জানিব পৰা মতে, ছাত্র সন্থাৰ প্ৰতিনিধি দলটোৱে বিধায়কগৰাকীয়ে বিভিন্ন সময়ত প্ৰৰোচনা মূলক বক্তব্যৰে সমাজক পৰোচিত কৰি অহাৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ লগতে গোলাঘাটৰ আৰক্ষীয়ে বিধায়কগৰাকীৰ বিৰুদ্ধে দুটাকৈ গোচৰ পঞ্জীয়ন হৈ থকা স্বত্বেও কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ কৰি বিধায়কগৰাকীয়ে দিয়া গোচৰত ছাত্র কৰ্মীকহে আৰক্ষীয়ে আটক কৰা বুলি উপায়ুক্তক অভিযোগ দিয়ে।
অন্যহাতে বিধায়ক মৃণাল শইকীয়াই মানসিক ভাৰসাম্য হেৰুৱাইছে বুলি অভিযোগ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক মনোৱাৰ হুছেইনে৷ ছাত্র নেতাজনে মৃণাল শইকীয়াৰ বিধায়ক হোৱাৰ যোগ্যতা নাই বুলি মন্তব্য কৰাৰ লগতে চৰকাৰে বিধায়কজনক সোনকালে মানসিক চিকিৎসালয়লৈ প্ৰেৰণ কৰক বুলি মন্তব্য কৰে৷
উল্লেখ্য যে এজন মানুহ মাৰিলে দহজন মাৰিম, এটা ঘৰ জ্বলালে দহটা জ্বলাম বুলি বিধায়ক মৃণাল শইকীয়াই যি উচটনিমূলক বক্তব্য আগবঢ়াইছে তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিয়েই ছাত্র নেতাজনক বিধায়কগৰাকী তীব্ৰ সমালোচনা কৰা বুলি জানিবলৈ দিয়ে৷ আজিৰ উপায়ুক্তৰ সাক্ষাৎ কালত ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটোত আছিল কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক মনোৱাৰ হুছেইন, গোলাঘাট জিলা ছাত্র সন্থাৰ উপদেষ্টাদ্বয় অভিবৰ্তন গোস্বামী, মৃদুল শইকীয়া, গোলাঘাট মহকুমা ছাত্র সন্থাৰ সভাপতি যদুমনি গগৈ আৰু সাধাৰণ সম্পাদক মনচুন বৰা৷













