
মহিলা ব্ৰাহ্মণ সমাজৰ উদ্যোগত ‘সমাজৰ উত্তৰণত ব্ৰাহ্মণ মহিলাৰ ভূমিকা’ শীৰ্ষক মনোজ্ঞ আলোচনা চক্ৰ সম্পন্ন
নগাঁও জিলাৰ ননৈ বাদল গাঁৱত কালিৰে পৰা অনুষ্ঠিত হোৱা নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ সোনালী জয়ন্তী মহোৎসৱৰ আজি দ্বিতীয় দিনা পুৱাৰে পৰা এক উদুলি মুদুলি পৰিবেশৰ সৃষ্টি হয়।জিলা ব্ৰাহ্মণ সমাজৰ মুখ্য কাৰ্য্যালয়ত পুৱা দহ বজাত ৰামচন্দ্ৰ গোস্বামীৰ ব্যৱস্থাপনাত মংগলাচৰণ অনুষ্ঠিত হয়।
ইয়াৰ পাচতে মহৰ্ষি গাৰ্গীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বকুল শৰ্মা শাস্ত্ৰীয়ে। আনহাতে দিনৰ ১১ বজাত অনুষ্ঠিত সম্বৰ্ধনা সভাত সভাপতিত্ব কৰে জিলা ব্ৰাহ্মণ সমাজৰ সভাপতি নৰেন্দ্ৰ নাথ শৰ্মাই।সভাত মেধাবী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱাৰ লগতে সমাজলৈ বিভিন্ন প্ৰকাৰে সহায়ৰ হাত আগবঢ়োৱা কেইবাগৰাকী লোকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

দুপৰীয়া ১২ বজাৰ পৰা জিলা মহিলা ব্ৰাহ্মণ সমাজৰ সৌজন্যত অনুষ্ঠিত হয় আলোচনা সভা।মহিলা ব্ৰাহ্মণ সমাজৰ সভানেত্ৰী বৈজয়ন্তী খাউণ্ডৰ সভাপতিত্বত অনুষ্ঠিত “সমাজৰ উত্তৰণত ব্ৰাহ্মণ মহিলাৰ ভূমিকা” শীৰ্ষক আলোচনা সভাত আলোচক হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট নিবন্ধকাৰ অপৰূপা বৰঠাকুৰে সমাজ সু-সংগঠিত কৰাত এগৰাকী মহিলাৰ ভূমিকা কেনেধৰণৰ হোৱা উচিত সেই সম্পৰ্কে বহলাই আলোচনা কৰে।
বিশেষকৈ এগৰাকী মাতৃয়ে নিজৰ সন্তানক সৰুৰে পৰা কেনেধৰণৰ সংস্কাৰ দিব লাগে তাৰ ওপৰত আলোচনা কৰাৰ লগতে এগৰাকী মাতৃয়ে সমাজৰ উত্তৰণত এক বলিষ্ঠ ভূমিকা পালন কৰিব পাৰে বুলি উল্লেখ কৰে ।
আলোচনা সভাত মহিলা সকলে বিয়া নাম ,সমবেত সংগীত কবিতা আবৃতি আদি পৰিবেশন কৰে।সভাত মুখ্য আলোচক হিচাপে আমন্ত্ৰিত গুৱাহাটীৰ ভাৰতীয় উদ্যোগিক প্ৰতিষ্ঠানৰ সহকাৰী অধ্যাপক ড: কৃষ্ণস্বামী শ্ৰীনিবাসন উপস্থিত থাকিব নোৱাৰাত তেওঁৰ লিখিত ভাষণ পাঠ কৰে প্ৰতিষ্ঠানটোৰ জ্যেষ্ঠ কাৰিকৰী বিষয়া ড: চিদানন্দ শৰ্মাই। আনহাতে আলোচনা সভাখন উদ্বোধন কৰি দিয়া ভাষণত প্ৰাক্তন মন্ত্ৰী তথা শিক্ষাবিদ গিৰীন্দ্ৰ কুমাৰ বৰুৱাই মহিলা সকলৰ লগতে নগাঁও জিলা ব্ৰাহ্মণ সমাজক উৎসাহিত কৰি এক দীঘলীয়া ভাষণ আগবঢ়ায়।
আলোচনা সভাত সমাজসেৱী নৱনীতা শৰ্মা উপস্থিত থাকি মহিলা সকলক উৎসাহিত কৰে।উল্লেখ্য যে নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ অধীনত ১৯১৪ চনত জন্ম লাভ কৰা নগাঁও জিলা মহিলা ব্ৰাহ্মণ সমাজে জিলাখনৰ বিভিন্ন স্থানত মহিলা আঞ্চলিক ব্ৰাহ্মণ সমাজ গঠন কৰি মহিলা সকলক সামাজিক দিশত আগবঢ়াই নিয়াৰ প্ৰয়াস কৰি আহিছে ।
মহিলা ব্ৰাহ্মণ সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা আলোচনা সভাত জিলা সমিতিৰ বিষয়ববীয়া সকলৰ উপৰিও নগাঁও জিলাৰ বিভিন্ন আঞ্চলিকৰ পৰা তিনি শতাধিক মহিলা উপস্থিত হৈ মহিলা সকলৰ একতা প্ৰতিপন্ন কৰা দেখা যায়। কাইলৈ সোনালী জয়ন্তী মহোৎসৱৰ সামৰণি অনুষ্ঠান নগাঁও চহৰৰ আমোলাপট্টিস্থিত নগাঁও নাট্য মন্দিৰত অনুষ্ঠিত হব।













