
কাৰ্বি আংলং জিলা নির্বাচনী বিষয়া ব্ৰুহিদ ৰাভাই আজি এক সংবাদমেলযোগে ডিফুত নতুন ভোটাৰৰ বাবে ইভিএম প্রদর্শন সন্দৰ্ভত সংবাদমাধ্যমৰ আগত ব্যাখ্যা ৰাখে। নির্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে ডিফুৰ লগতে হাওৰাঘাটতো ইভিএম প্রদর্শন আৰু নতুন ভোটাৰৰ বাবে ইভিএমৰ জৰিয়তে ভোটদান সম্পন্ন কৰাৰ সন্দৰ্ভত অভিজ্ঞতা লোৱাৰ ব্যৱস্থা কৰা হৈছে।

নির্বাচন আয়োগৰ নির্দেশৰ ভিত্তিত এই প্রদর্শনৰ আয়োজন কৰা হৈছে বুলি নির্বাচনী বিষয়াগবাকীয়ে জানিবলৈ দিয়ে। নির্বাচন আয়োগৰ নির্দেশ অনুসৰি সমগ্র কার্বি আংলঙত নির্বাচনী কার্যালয়ৰ জৰিয়তে ইভিএম ডেমনষ্ট্ৰেছন ভেন এখন কার্বি আংলঙৰ গাঁঞে-ভুঞে ঘূৰিব আৰু মানুহে বিশেষকৈ নতুন ভোটাৰে সঁচা ইভিএম মেচিনত ভোটদানৰ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ’ব। এই প্রদর্শনী কালত ইভিএমৰ সম্পূর্ণ কাৰ্যসমূহ প্রদর্শন কৰাৰ লগতে ইয়াৰ ব্যাখ্যা দিয়া হ’ব বুলিও নির্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷












