ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শুকুৰবাৰৰ পৰা পুনৰ নিশা আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে সদৌ অসম ছাত্ৰ সন্থাই। সংগঠনটোৱে ২০২০ বর্ষৰ প্ৰথমটো নিশাৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব ৰাজ্যজুৰি জোঁৰ সমদলেৰে।
‘কা’ৰ বিৰোধিতাৰে আছুৱে শুকুৰবাৰে ৰাজ্যজুৰি জিলা, মহকুমা সদৰত ৰূপায়ণ কৰিব জোঁৰ সমদলৰ কাৰ্যসূচী। উল্লেখ্য যে ‘কা’বিৰোধী আন্দোলনৰ হিংসাত্মক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি সংগঠনটোৱে সাময়িকভাৱে স্থগিত ৰাখিছিল নিশাৰ ভাগৰ আন্দোলনৰ কাৰ্যসূচী। তাৰ পৰিৱৰ্তে দিনৰ ভাগতে চলাই গৈছিল ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী।













