ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
পৰীক্ষাৰ দিনটোতো বিজেপি চৰকাৰৰ জাতিধ্বংসী ‘নাগৰিকত্ব সংশোধনী আইন-২০১৯’ৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত কটনিয়ানৰ।উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰ হিচাপে পৰিচিত কটন বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ষাণ্মাসিকৰ পৰীক্ষাৰ্থীসকলে ‘কা’ৰ বিৰোধিতা কৰি ক’লা বেজ পৰিধান কৰাৰ লগতে অসমীয়া জাতীয় স্বাভিমানৰ প্ৰতীক গামোচা আৰু বিভিন্ন জনগোষ্ঠীয় পোছাক পৰিধান কৰি শুকুৰবাৰে অৱতীৰ্ণ হয় পৰীক্ষাত।

পৰীক্ষাৰ্থী ছাত্ৰ সমাজৰ স্পষ্ট কথা-‘আমি পঢ়িম আৰু আন্দোলন অব্যাহত ৰাখিম। কোনো কাৰণতে মানি লোৱা নহ’ব ‘কা’। ‘আই অসমীক ৰক্ষা কৰাৰ বাবে বুকু পাতি দিবলৈ ভয় কৰা নাই, নকৰো।অবিৰত সংগ্রাম চলিছে আৰু চলিব’-পৰীক্ষাৰ্থীসকলে কয়। জাতীয় বদন সোণোৱাল চৰকাৰৰ দিনত আমি মাতৃভূমিক বিদেশীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ পৰীক্ষাৰ দিনটোতো সংগ্রাম কৰিছিলো বুলি এদিন ক’ব পাৰিম বুলি ছাত্ৰ সমাজে তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে।













