ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

আমেৰিকাৰ বিৰুদ্ধে ভয়ঙ্কৰ প্ৰতিশোধৰ ধমকি ইৰানৰ শীর্ষ নেতা আয়াতুল্লা খামেনিৰ

ASSAM TIMES POST by ASSAM TIMES POST
January 3, 2020
Reading Time: 1 min read
A A
0
আমেৰিকাৰ বিৰুদ্ধে ভয়ঙ্কৰ প্ৰতিশোধৰ ধমকি ইৰানৰ শীর্ষ নেতা আয়াতুল্লা খামেনিৰ

assam times post 2 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

নিউজ ডেস্ক

আমেৰিকাৰ বিৰুদ্ধে ভয়ঙ্কৰ প্ৰতিশোধ লোৱাৰ ধমকি দিলে ইৰানৰ শীর্ষ নেতা আয়াতুল্লা আলী খামেনিৰ। তেওঁ কয়, মার্কিন ড্রোণ আক্ৰমণত ইৰানৰ ৰিভোলুচনাৰী গার্ড কোৰৰ কাডছ ফৰ্চৰ কমাণ্ডাৰ জেনেৰেল কাচেম চোলেমানিৰ মৃত্যুৰ পিছত ‘জিহাদ’ আৰু বাঢ়িব। আৰু সেই ‘পবিত্র যুদ্ধ’ত জয়ী হ’ব ‘জিহাদি’সকলেই।

শুকুৰবাৰে পুৱতি নিশা বাগদাদ আন্তর্জাতিক বিমানবন্দৰৰ কাষত মার্কিন ড্রোণ আক্ৰমণত নিহত হয় জেনেৰেল কাচেম চোলেমানি। তেওঁৰ সৈতে প্রাণহানি হয় ইৰাকী সন্ত্ৰাসবাদী সংগঠনৰ উপ-প্রধান আবু মহদি আল-মুহান্দিচ ওৰফে জামাল জাফৰ ইব্রাহিমিসহ ৬জনৰ।

আজি টুইটযোগে ইৰানৰ শীর্ষ নেতা আয়াতুল্লা আলী খামেনিয়ে কয়, ‘‘বিগত কেইবা বছৰ ধৰি যি নিৰলস কাম-কাজ কৰি গৈছে, কালি ছহিদ হৈ তাৰ পুৰস্কাৰ লাভ কৰে চোলেমানিয়ে।’’ উল্লেখ যে চোলেমানিৰ মৃত্যুত ইৰানত তিনি দিনিৰ ৰাষ্ট্রীয় শোক পালনৰ সিদ্ধান্ত ঘোষণা কৰিছে খামেনিয়ে।

1 1 | ASSAM TIMES POST

পিছত ইৰানৰ চৰকাৰী টেলিভিছনত খমেনিয়ে কয়, ‘‘চোলেমানি গুচি গ’ল বুলি তেওঁৰ কাম বাতিল নহয়। তেওঁৰ পথেই অনুসৰণ কৰা হ’ব। আৰু যিসকল অপৰাধীৰ হাত চোলেমানি তথা অন্য ছহিদসকলৰ ৰক্তেৰে ৰঙা হ’ল, তেওঁলোকৰ বিৰুদ্ধে শীঘ্রেই প্ৰতিশোধ লোৱা হ’ব।’’

টেলিভিছনত খামেনিৰ ধমকি, ‘‘শত্ৰুৱে জানি থোৱা উচিত, ইয়াৰ পিছত ইৰানৰ জিহাদ আৰু বাঢ়িব। আৰু সেই পবিত্র যুদ্ধত জিহাদিসকলেই জয়ী হ’ব।’’

আনহাতে, আমেৰিকাৰ বিৰুদ্ধে টোপ গাজিছে ইৰানৰ ৰাষ্ট্ৰপতি হাচান ৰৌহানিয়েও। তেওঁ কয়, ‘‘চোলেমানি ছহিদ হোৱাই আমেৰিকাক ৰুধিবলৈ তথা ইছলামী মূল্যবোধ ৰক্ষাত অধিক দৃঢ়প্রতিজ্ঞ হ’ব ইৰান। এই অঞ্চলত ইৰানৰ দৰে যিসমূহ দেশে আমেৰিকাৰ কুক্ষিগত হৈ থাকিব নিবিচাৰে, কোনো সন্দেহ নাই, তেওঁলোক সকলোৱেই ইয়াৰ প্ৰতিশোধ ল’ব।’’

ইফালে ইৰানৰ বিদেশমন্ত্রী জাভেদ জাৰিফৰ কণ্ঠতো একেই সুৰ। মার্কিন ড্রোণ আক্ৰমণক ‘আন্তর্জাতিক সন্ত্রাসবাদ’ বুলি তেওঁ গৰিহণা দিয়ে। ‘আগন্তুক দিনত আমেৰিকাই ইয়াৰ মূল্য দিব লাগিব’ বুলি টুইটত সাৱধানবাণী শুনায় ইৰানৰ বিদেশমন্ত্রীগৰাকীয়ে।

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই
National-International

CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই

July 20, 2026
50
NEET UG 2026 results I শামুকৰ পেটত মাণিক, নীটত উজলিল কাৰ্বি পাহাৰৰ একেটা পৰিয়ালৰ দুই সন্তান
National-International

NEET UG 2026 results I শামুকৰ পেটত মাণিক, নীটত উজলিল কাৰ্বি পাহাৰৰ একেটা পৰিয়ালৰ দুই সন্তান

July 20, 2026
50
Tripura DGP death I ত্রিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধানৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ
National-International

Tripura DGP death I ত্রিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধানৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

July 20, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk । আজি ভংগ কৰিব নেকি অনশন, হাস্পতালৰ পৰা সোণম ৱাংচুকৰ তিনিটা চৰ্ত

July 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই

CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই

July 20, 2026
NEET UG 2026 results I শামুকৰ পেটত মাণিক, নীটত উজলিল কাৰ্বি পাহাৰৰ একেটা পৰিয়ালৰ দুই সন্তান

NEET UG 2026 results I শামুকৰ পেটত মাণিক, নীটত উজলিল কাৰ্বি পাহাৰৰ একেটা পৰিয়ালৰ দুই সন্তান

July 20, 2026
Tripura DGP death I ত্রিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধানৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

Tripura DGP death I ত্রিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধানৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

July 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx