![]()
শুকুৰবাৰে নিশা প্ৰায় ১১ বজাত ডিফু চহৰত বুজন পৰিমানৰ নিচাযুক্ত কেপচুল সহ এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ডিফু আৰক্ষীয়ে ৷ এক নিৰ্ভৰ যোগ্য খবৰৰ ভিত্তিত ডিফু থানাৰ অ’চি কিশোৰ বৰুৱা আৰু ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱ প্ৰতিম কোঁৱৰৰ লগতে থানা ষ্টাফৰ সহযোগত এমজি ৰোড আইৰণ ব্ৰীজৰ কাষত এজন লোকক তালাচী চলাই লোকজনৰ লগত থকা ১৪৩ টা ছেমপ্লেক্স প্লাছ কেপচুল উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

ব্যক্তিজন মাঞ্জা বজাৰৰপচেশ গুইটেৰ পুত্ৰ থাংগাল গুইটে (৪০)বুলি চিনাক্ত কৰা হৈছে ৷ উদ্ধাৰ হোৱা নিচাযুক্ত কেপচুল সমূহ নিৰপেক্ষ সাক্ষীগণৰ সাক্ষাতে জব্দ কৰাৰ লগতে এই স্নদৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷













