
অসম সাহিত্য সভাই প্ৰতি দুবছৰৰ অন্তৰে অন্তৰে প্ৰদান কৰা জয়ছিং হাঞ্চে বঁটা আজি ডিফুৰ ৰাংছিনা ভৱনত হোৱা এক বৰ্ণাঢ্য অনুষ্ঠানত লেখক-সাংবাদিক পবিত্ৰ বৰাক প্ৰদান কৰে ৷ জয়ছিং হাঞ্চে বঁটাত আছে প্ৰশস্তি পত্ৰ, পিতলৰ জাঁপি, কিতাপৰ টোপোলা, ছ’ল, নগদ ধন আৰু এখন স্মাৰক ৷

অসম সাহিত্য সভাৰ সভাপতি সূৰ্য্যকান্ত হাজৰিকাৰ সভাপতিত্ব অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাং , বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰু , পদ্মশ্ৰী ধনেশ্বৰ ইংতি , কাৰবি সাহিত্য সভাৰ সভাপতি কামছিং হাঞ্চে , সভাৰ উপ-সভাপতি ড° গীৰিশ সন্দিকৈ , ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেং , বিশিষ্ট কবি তথা জয়ছিং হাঞ্চেৰ পুত্ৰ চাৰএৎ হাঞ্চে প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে ৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাহিত্য-সংস্কৃতিৰ লগত জড়িত বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত বঁটা গ্ৰহণ কৰি লেখক-সাংবাদিক পবিত্ৰ বৰাই তেওঁ কৰা কামৰ স্বীকৃতি অসম সাহিত্য সভাই দিয়াৰ বাবে আজীৱন সাহিত্য সভাৰ ওচৰত কৃতজ্ঞ বুলি কয় ৷
অসুস্থ দেহাৰেই সমগ্ৰ অনুষ্ঠানটোত উপস্থিত থাকি প্ৰাক্তন সভাপতি ৰংবং তেৰাঙে কয় যে মান্দুকিমি নামৰ সৰু ঘৰটোত থাকি ছামচিং হাঞ্চেই সাহিত্য-সাংস্কৃতিৰ চৰ্চা কৰিছিল ৷ তেওঁ কাৰবি সাহিত্য-সংস্কৃতিৰ চৰ্চা কৰা অনাকাৰবি লোকক এক স্বীকৃতি দিয়াৰ বাবে দেউতাক তথা মোৰ শহুৰ দেউতা জয়ছিং হাঞ্চেৰ নামত এই বঁটা দিছিল ৷ আজি এই বঁটা আমাৰ ছাত্ৰ পবিত্ৰক দিয়াত মই সুখী হৈছো ৷ পবিত্ৰই বহুত কাম কৰিছে ৷
বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে কয় যে মই আজি অনিমন্ত্ৰিত ভাৱে ইয়ালৈ পৰিয়াল সহ আহিছো ৷ কাৰণ আজি ডিফুত এখন গুৰুত্বপূৰ্ণ সভা হ’ব আৰু এজন গুৰুত্বপূৰ্ণ ব্যক্তিক এটা বঁটা প্ৰদান কৰা হ’ব ৷ পবিত্ৰ মোৰ বন্ধু আৰু জয়ছিং হাঞ্চেৰ তিনিওজন পুত্ৰৰ লগত আছে মোৰ এক সুহৃদ সম্পৰ্ক ৷আনহাতে উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি জয়ছিং হাঞ্চে স্মাৰক বঁটা গ্ৰন্থ আৰু অসম সাহিত্য সভাৰ মাহেকীয়া সংবাদ পত্ৰৰো শুভ উন্মোচন কৰা হয় ৷












