ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

হাতে হাতে কলা পতাকা লৈ কাৰ বিৰুদ্ধে যুৱছাত্ৰ পৰিষদৰ সমদলঃ ৫০ জনৰো অধিক সদস্যক আটক

ASSAM TIMES POST by ASSAM TIMES POST
January 11, 2020
Reading Time: 1 min read
A A
0
হাতে হাতে কলা পতাকা লৈ কাৰ বিৰুদ্ধে যুৱছাত্ৰ পৰিষদৰ সমদলঃ ৫০ জনৰো অধিক সদস্যক আটক

logo atp | ASSAM TIMES POSTASSAM TIMES POST
নগাঁওঃ আৰক্ষী-নিৰাপত্তা বাহিনীৰে গিজগিজাই থকা নগাঁও চহৰৰ ভিন্ন প্ৰান্তত আজি নিচেই পুৱাতেই উৰিল ক’লা পতাকা।নগাঁও জিলা উপাযুক্তৰ কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰ, ট্ৰেফিক চিগন্যেল পইন্ট, নগাঁও কলেজ চ’ক,বৈদ্যুতিক খুঁটা,টেলিফোনৰ খুঁটা, ৰাজপথৰ দাঁতি আদিত আজি পুৱতি নিশাতেই ক’লা পতাকা উৰুৱাই সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সদস্য সকলে।

RELATED POSTS

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

CAAAAA | ASSAM TIMES POST

পৰিষদৰ সদস্য সকলে চহৰ খনত ক’লা পতাকা অঁৰা কাৰ্য ইমানেই সংগোপনে কৰিছিল যে নগাঁও আৰক্ষীয়ে কোনো ততকে ধৰিব পৰা নাছিল।ইপিনে আজি পুৱা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ মুখ্য প্ৰৱেশ পথৰ লোৰ গেটকে ধৰি চহৰ খনৰ ভিন্ন প্ৰান্তত অসংখ্য ক’লা পতাকা উৰি থকা দেখা পাই নগাঁও আৰক্ষী হতভম্ব হৈ পৰে।লগে লগেই নগাঁও আৰক্ষীয়ে আটাইবোৰ ক’লা পতাকা সেই স্থান সমূহৰ পৰা আঁতৰাই লৈ যায়। আনহাতে আজি পুৱা ১০ বজাত পৰিষদৰ সদস্য সকলে হাতে হাতে কলা পতাকা লৈ নগাঁও চহৰত এক প্ৰতিবাদী সমদল উলিয়ায়। পৰিষদৰ শতাধিক সদস্যই হাতে হাতে কলা পতাকা লৈ “কা” বাতিলৰ দাবী আৰু অসমৰ পৰা ইনাৰলাইন পাৰ্মিট ব্যৱস্থা কৰ্তনৰ প্ৰতিবাদত এই সমদল উলিয়ায়।

CAAa | ASSAM TIMES POST

চহৰ খনৰ নতুন বজাৰৰ পৰা ওলোৱা সমদলত অংশগ্ৰহণ কৰা সদস্য সকলে বিভিন্ন ধ্বনি দি নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে। সমদল কাৰী দলটো নগাঁও কলেজৰ ওচৰ পাওঁতেই নগাঁও সদৰ থানাৰ আৰক্ষীৰ এটা বৃহৎ দলে সমদল কাৰী সকলক বাধা প্ৰদান কৰে। ইয়াক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়। পিছত আৰক্ষীয়ে প্ৰতিবাদ কাৰী দলটোৰ প্ৰায় ৫০ জন সদস্যক বলপূৰ্বক ভাৱে আটক কৰি নগাঁও সদৰ থানালৈ লৈ যায়। জিলা যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়া, উপদেষ্টা মনোজ সিংহ ৰাজা , নগাঁও নগৰ সমিতিৰ সভাপতি কাশ্যপ ফুকন আদিকো আৰক্ষীয়ে আটক কৰে।

আটকাধীন পৰিষদৰ সদস্য সকলে থানা চৌহদতো জয় আই অসম ধ্বনি দিয়ে। ইয়াতে ক্ষুন্ন হৈ নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে পৰিষদৰ সদস্য সকলক দুব্যৱহাৰ কৰাৰ লগতে ঠেলি হেঁচি গতিয়াই দিয়ে। ইয়াক কেন্দ্ৰ কৰি নগাঁৱত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আৰক্ষী বিষয়া গৰাকীৰ এনে কাৰ্যক যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন সংগঠনে গৰিহনা দিছে। পৰিষদৰ নগাঁও জিলা সমিতিয়ে আৰক্ষী বিষয়া গৰাকীক শীঘ্ৰে নিলম্বন কৰিবলৈ দাবী জনাইছে। ইপিনে যুব ছাত্ৰ পৰিষদে সন্ধিয়া নতুন বজাৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা দাহ কৰে ।

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
ADVERTISEMENT
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬
National-International

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026
50
NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ
National-International

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

July 15, 2026
50
India US relations : ভাৰতৰ ওপৰত ১০০ শতাংশ পৰ্যন্ত শুল্ক আৰোপৰ সম্ভাৱনা, উত্থাপন হ’ব নতুন বিধেয়ক
National-International

India US relations : ভাৰতৰ ওপৰত ১০০ শতাংশ পৰ্যন্ত শুল্ক আৰোপৰ সম্ভাৱনা, উত্থাপন হ’ব নতুন বিধেয়ক

July 15, 2026
50
FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে
National-International

FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে

July 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026
NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

July 15, 2026
India US relations : ভাৰতৰ ওপৰত ১০০ শতাংশ পৰ্যন্ত শুল্ক আৰোপৰ সম্ভাৱনা, উত্থাপন হ’ব নতুন বিধেয়ক

India US relations : ভাৰতৰ ওপৰত ১০০ শতাংশ পৰ্যন্ত শুল্ক আৰোপৰ সম্ভাৱনা, উত্থাপন হ’ব নতুন বিধেয়ক

July 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx