
দেওবাৰে পুৱা ১১ মান বজাত সমগ্ৰ ৰাজ্যৰ লগত সংগতি ৰাখি কাৰ্বি আংলং জিলা প্ৰশাসন আৰু তথ্য আৰু জনসংযোগ সঞ্চালকালয়, অসমৰ উদ্যোগত আজি ডিফুতো স্বাধীনতা সংগ্ৰামী দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু বাৰ্ষিকী উপলক্ষে দেশভক্তি দিৱস উদযাপন কৰা হয়৷ডিফুৰ কৃষি ভৱনত উদযাপন কৰা দিৱসৰ কাৰ্যসূচী অনুসৰি প্ৰথমে দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, তাৰ পাছতেই এখনি সভা অনুষ্ঠিত কৰা হয়৷

সভাত অতিথিৰূপে অংশগ্ৰহন কৰি বিশিষ্ট কবি পদ্মশ্ৰী ধনেশ্বৰ ইংতি,জ্যেষ্ঠ সাংবাদিক মুকুল চন্দ্ৰ বৰুৱাই চৰকাৰৰ এনে পদক্ষেপক শলাগ লোৱাৰ লগতে এনে অনুষ্ঠানৰ দ্বাৰা উঠি অহা নৱ প্ৰজন্ম যথেষ্ট উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে৷ আনহাতে বিশিষ্ট লেখিকা গীতা বৰাই দেশভক্ত নিজৰ ভাষণ প্ৰসংগত তৰুণৰাম ফুকন এক আঢ্যৱন্ত পৰিয়ালৰ হৈয়ো লাহ-বিলাস ত্যাগ কৰি ৰাইজৰ সেৱাত নিঃস্বাৰ্থ ভাবে আত্ম নিয়োজন কৰিছিল ৷
ইয়াৰেপৰি স্বাধীনতা আন্দোলনত জঁপিয়াও পৰিছিল বুলি কয় ৷ গীতা বৰাই দেশভক্ত তৰুণৰাম ফুকনৰ জীৱন বৃত্তান্ত আৰু আদৰ্শৰ ওপৰত সাৱলীল বাখ্য আগবঢ়ায় ৷ এই অনুষ্ঠানতে দেশভক্ত তৰুণৰাম ফুকনৰ জীৱন আৰু কৰ্মৰ বিষয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাত স্থান লাভ কৰা সকলক বঁটা প্ৰদান কৰা হয়৷ অনুষ্ঠানত জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উপ সঞ্চালক গগন নাৰ্জাৰী,জিলা জন সংযোগ বিষয়া উৎপল ডিমাছা উপস্থিত থাকে৷













