ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ ক্ষীপ্ৰ গতিৰে আগবাঢ়িছে অনাগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ প্ৰস্তুতি। পুহ মহীয়া জাৰৰ প্ৰতিকুল বতৰকো নেওচি অধিবেশনৰ বাবে খেতি উঠাই নিয়াৰ পাছৰ পথাৰৰ বুকুত নৰা কাটি তোৰণ, সভাঘৰ আৰু অস্থায়ী শিবিৰ আদিৰ প্ৰস্তুতিৰ কামত ব্যস্ত জাতি, ধৰ্ম, বৰ্ণ, সম্প্ৰদায় নিৰ্বিশেষে বোকাখাত মহকুমাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত-বৈষ্ণৱ, ৰাইজ, যুৱক-যুৱতীৰ লগতে ৰাজ্যখনৰ বিভিন্ন জিলা শাখাৰ পৰা সেৱা আগবঢ়াবলৈ অহা ভকত সকল।
কিন্তু প্ৰতিকুল বতৰৰ বাবে নামঘৰৰ আসন প্ৰতিষ্ঠা কাৰ্যসূচীৰ কিছু সালসলনি ঘটিছে। উক্ত পূৰ্ব নিৰ্দ্ধাৰিত কাৰ্যসূচী অহা ১৭ জানুৱাৰীৰ পৰিৱৰ্তে অহা ১৯ জানুৱাৰীত সম্পন্ন কৰা কৰা হব বুলি আদৰণী সমিতিৰ সাধাৰণ সম্পাদক চন্দ্ৰকান্ত ভূঞাই জানিবলৈ দিছে।













