![]()
বুধবাৰে পুৱা ৯ মান বজাত বোকাজান মহকুমাহৰ বৰপথাৰ (Bokajan’s Barpathar) থানা এলেকাৰ খাকৰাজান নাকা তালাচী (At the Khakrajan search Point) পইণ্ট আৰক্ষীৰ তালাচীত প্ৰায় ২ কোটি টকা মূল্যৰ সন্দেহযুক্ত হেৰইনসহ (Recovered with heroin worth Rs 2 crore) এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

সৰবৰাহকাৰীয়ে ডিমাপুৰৰ পৰা গোলাঘাট অভিমুখে AS02 H6637 নম্বৰৰ ৱাগেনৰ বাহনত গোপন চেম্বাৰত লুকুৱাই সৰবৰাহৰ চেষ্টা চলাইছিল ৷ আৰক্ষীৰ তালাচীত বাহনখনৰ পৰা 22টা চাবোনৰ বাকচত 298.58 গ্ৰাম হেৰ’ইন জব্দ (298.58 gm heroin seized)কৰিবলৈ সক্ষম হয় ৷এই সন্দৰ্ভত হেৰ’ইনসহ আৰক্ষীয়ে নগাওঁ জিলাৰ ধিং থানাৰ অন্তৰ্গত লালি পথাৰৰ আছিকুৰ ৰহমানক আটক (Asikur Rahman arrested) কৰিছে ৷

আৰক্ষীৰ অভিযান কালত উদ্ধাৰ হোৱা হেৰ’ইনখিনিৰ আন্তৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় 2 কোটি টকাৰ হ’ব বুলি আৰক্ষীৰ পৰা জানিব পৰা গৈছে৷ অধিক তথ্য আহৰণৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।












