ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত
উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয়, সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিবেশনৰ প্ৰায় ১৮০০ বিঘা মাটিৰ বিস্তৃত পথাৰ সামৰি আয়োজন কৰা প্ৰস্তুতি যুদ্ধকালীন গতিৰে আগবাঢ়িছে। ২০২০ বৰ্ষৰ ৫ ৰ পৰা ৮ ফেব্ৰুৱাৰী লৈ অনুষ্ঠিতব্য এই অধিবেশন বোকাখাত মহকুমাৰ কমাৰগাঁৱৰ মহুৰা দিহিঙ্গীয়া পথাৰত “বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰ” নামকৰণেৰে উৎসৰ্গিত মূল অধিবেশন থলীত জাতি, ধৰ্ম, বৰ্ণ, সম্প্ৰদায় নিৰ্বিশেষে স্থানীয় ৰাইজৰ লগতে ৰাজ্যখনৰ বিভিন্ন জিলা শাখাৰ ভক্ত সকলে দিন ৰাতি একাকাৰ কৰি সামৰ্থ অনুযায়ী নিজ নিজ সেৱা আগবঢ়াইছে ।
কিন্তু এনে আশাপ্ৰদ প্ৰস্তুতিৰ মাজতে বৰ্তমান অৰ্থ শংকটত ভুগিছে আদৰণী সমিতি। নিৰ্দ্ধাৰিত বাজেটৰ এতিয়াও সম্পূৰ্ণ পূঁজি সংগ্ৰহ হোৱা নাই বুলি অধিবেশনৰ আদৰণী সমিতিৰ সম্পাদক চন্দ্ৰকান্ত ভূঞাই জানিবলৈ দি সাংবাদিকৰ আগত কয় যে মুঠ নিৰ্দ্ধাৰিত বাজেট ২ কোটি ৮০ লাখ টকাৰ প্ৰায় ১ কোটি ২৪ লাখ টকাহে এই পৰ্যন্ত সংগ্ৰহ কৰিব পৰা গৈছে। সেয়েহে অনুষ্ঠানটিলৈ মুক্তহস্তে অৰ্থ বৰঙণি আগবঢ়াই সুকলমে অধিবেশনখনি অনুষ্ঠিত কৰিবলৈ অনুষ্ঠানটিৰ হৈ অসমৰ ভকত বৈষ্ণৱলৈ সম্পাদক গৰাকীয়ে অনুৰোধ জনাইছে আৰু আদৰণি সমিতিৰ সভাপতি-সম্পাদকে সমূহ ৰাইজৰ সৰ্বতোপ্ৰকাৰ আন্তৰিক সহযোগিতা কামনা কৰিছে।












