ASSAM TIMES POST
নগাঁওঃ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী ষোল্ল বছৰৰ অনুৰ্ধ্ব আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত নগাঁৱৰ ধৃতিমান দাসে বিশেষ সন্মান লাভ কৰি নগাঁও জিলালৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
উল্লেখ্য,অলপতে হোজাই আৰু মৰিগাঁওত অনুষ্ঠিত ৰাধাগোবিন্দ বৰুৱা আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত নগাঁও জিলা দলৰ হৈ খেলা ধৃতিমান দাসে হোজাইত দুখন মেচত আৰু মৰিগাঁওত এখন মেচত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।
নগাঁও চহৰৰ দাতিকাষৰীয়া মাজৰআটি নিবাসী সমাজকৰ্মী অনিল দাস আৰু সীমা দাসৰ পুত্ৰ ধৃতিমান দাস খীষ্টজ্যোতি স্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ।













