ASSAM TIMES POST
আছিফ আলি: উৰুকাৰ নিশা ভোজ ভাত খাই আজি পুৱাই ‘কা ‘ৰ প্ৰতিলিপি দাহ কৰি জয় আই অসম ধ্বনি দিলে শিৱসাগৰ নগৰৰ সমীপৰ দিছিয়াল গাঁও ৰ ৰাইজে। অসমীয়া জাতিৰ ভৱিষ্যতৰ প্ৰতি অশনি সংকেত কঢ়িয়াই অনা ‘কা ‘ৰ বাতিল কৰাৰ দাবী তুলিলে পবিত্ৰ মেজিৰ জুইৰ সমুখৰ পৰা।
উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ পিছত পুৱাই গাঁৱৰ বুঢ়া,মেথা, জীয়ৰী,বোৱাৰী,ডেকা – চেঙেলীয়া সকলো লগ হৈ মেজিত নাগৰিকত্ব সংশোধনী আইন ২০১৯ দাহ কৰে ৷উল্লেখযোগ্য যে জিলা খনৰ প্রান্তে প্রান্তে আজি ৰাইজে পৰম্পৰাগত ৰীতি নীতিৰে মাঘ বিহু উদযাপন কৰিছে। নিশা হাঁহে মাহে ভোজ ভাত খোৱাৰ পাছত উৎসৱৰ মধু আলোড়নৰ মাজতে ৰাইজে জাতি ধ্বংসী নাগৰিকত্ব আইনৰ বিৰোধিতা কৰিছে। দাবী কৰিছে ‘কা ‘ৰ বাতিল কৰাৰ।













