ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ভোগালী বিহুৰ দিনাই বাংঠাইত সহস্ৰাধিক লোকে ‘কা’ দাহ কৰি গ্ৰহণ কৰিলে প্ৰতিবাদী কাৰ্যসূচীৰ

ASSAM TIMES POST by ASSAM TIMES POST
January 16, 2020
Reading Time: 1 min read
A A
0
ভোগালী বিহুৰ দিনাই বাংঠাইত সহস্ৰাধিক লোকে ‘কা’ দাহ কৰি গ্ৰহণ কৰিলে প্ৰতিবাদী কাৰ্যসূচীৰ

অসমৰ মেপৰ আৰ্হিৰ ভেলাঘৰৰ তলত গীত-মাতেৰে প্ৰতিবাদ
logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

নগাঁওঃ ভোগালী বিহুৰ আনন্দ-উল্লাসক নেওচি নগাঁও জিলাৰ বাংঠাই গাঁৱৰ ৰাইজে অসমৰ মেপৰ আৰ্হিৰ ভেলাঘৰৰ তলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । দক্ষিণ-পশ্চিম নগাঁও আঞ্চলিক ছাত্ৰ সন্থা আৰু বাংঠাই গাঁও লাচিত যুৱক সংঘৰ উদ্যোগত কালি ভোগালী বিহুৰ দিনাই বাংঠাই গাঁৱত নাগৰিকত্ব(সংশোধনী)আইনৰ প্ৰতিলিপি দাহ কৰা আৰু আইনখন বাতিলৰ দাবীত প্ৰতিবাদী সভা অনুষ্ঠিত হয়।

অনুষ্ঠানটোত শিল্পী,শিক্ষাবিদ,সাংবাদিক সকলৰ লগতে স্থানীয় ৰাইজে বিপ্লৱী গীত,কবিতা,ভাষনৰে নাগৰিকত্ব(সংশোধনী)আইন বাতিলৰ দাবী জনোৱাৰ লগতে বিজেপি চৰকাৰৰ স্বেচ্ছাচাৰীতাক প্ৰতিবাদ জনায়।তাৎপৰ্যপূৰ্ণ যে নগাঁও জিলা ছাত্ৰ সন্থাৰ উপসভাপতি পংকজ বৰাৰ তৎপৰতাত দক্ষিণ-পশ্চিম নগাঁও আঞ্চলিক ছাত্ৰ সন্থা আৰু বাংঠাই গাঁও লাচিত যুৱক সংঘই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছিল বাংঠাইৰ অসমৰ মেপৰ আৰ্হিত প্ৰতীকি ভেলাঘৰ নিৰ্মাণ কৰা স্থানত।

এই ভেলাঘৰ নিৰ্মাণ কৰিছিল বাংঠাই গাঁও লাচিত যুৱক সংঘৰ সভাপতি-সম্পাদক ক্ৰমে অভিজিৎ বৰদলৈ আৰু ৰবিশংকৰ বৰদলৈৰ লগতে নৱজ্যোতি বৰদলৈ,পৰমানন্দ ৰাজবংশী,ধনমনি বৰদলৈ,বিজু বৰদলৈ,হৰিকমল বৰদলৈ,প্ৰশান্ত বৰদলৈ,বাপকন বৰদলৈ,নীলকমল বৰদলৈ,পাৰ্থপ্ৰতীম বৰদলৈয়ে।অসমৰ মেপৰ আৰ্হিত আৰু ওপৰত লাচিতৰ মূৰ্তিৰ আৰ্হিত খেৰ আৰু বাঁহৰে নিৰ্মাণ কৰা এই ভেলাঘৰটোৰ বিষয়ে অসমৰ সংবাদ মাধ্যমৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমটো প্ৰচাৰ হৈছিল।ভোগালী বিহুৰ দিনা সেই স্থানতে অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি নগাঁও প্ৰেছ ক্লাৱৰ সম্পাদক চন্দনজ্যোতি বৰাই অসমৰ জাতীয় স্বাভিমানক পদাঘাত কৰিব বিচৰা এই খন চৰকাৰক উৎখাত কৰিবলৈ বাংঠাই গাঁৱত নিৰ্মিত অসমৰ মেপৰ আৰ্হিৰ ভেলাঘৰৰ স্থানৰ পৰাই প্ৰতিজ্ঞাবদ্ধ হোৱা উচিত বুলি মন্তব্য কৰে।

WhatsApp Image 2020 01 16 at 06.37.45 | ASSAM TIMES POST

অনুষ্ঠানটোত অংশগ্ৰহণ কৰি গ্ৰন্থ প্ৰকাশক প্ৰাঞ্জল কুমাৰ মহন্তই জাতিৰ স্বাৰ্থত সংগ্ৰাম কৰিবলৈ অহা অসমীয়াই কাকো ভয় নকৰে বুলি কয়।নগাঁও জিলা ছাত্ৰ সন্থাৰ উপসভাপতি পংকজ বৰাই আঁত ধৰা প্ৰতিবাদী অনুষ্ঠানত শিল্পী দিলীপ শইকীয়া,তৰুণ শইকীয়া,কুমাৰ কিশোৰ,মিন্টু বৰদলৈ,অভিজিৎ বৰদলৈয়ে গীত পৰিবেশন কৰাৰ লগতে গৌৰৱ ডেকাই কবিতা আবৃত্তি কৰে।অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা সমিতিৰ সহ সম্পাদক মনোজ ডেকা,শিক্ষাবিদ প্ৰতাপ সিং,যাদৱ বৰাৰ লগতে লৱ শৰ্মা,পুস্পেন্দ্ৰ দাস,লম্বোদৰ ৰাজবংশী আৰু সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ো ভাষন প্ৰদান কৰে।প্ৰতিবাদী কাৰ্যসূচীত নগাঁও জিলা ছাত্ৰ সন্থাৰ সহ সম্পাদক নিপন শৰ্মা, দক্ষিণ-পশ্চিম নগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিমান বৰকাকতী,সম্পাদক মৃদুল বৰুৱা,উপসভাপতি কল্পজ্যোতি বৰা,বাংঠাই গাঁও লাচিত যুৱক সংঘৰ সভাপতি অভিজিৎ বৰদলৈ,সম্পাদক ৰবিশংকৰ বৰদলৈৰ লগতে কৰ্মকৰ্তা সকল উপস্থিত থাকে।

অনুষ্ঠানৰ শেষত ৰাইজে অসমৰ মেপৰ আৰ্হিত নিৰ্মিত ভেলাঘৰৰ তলত ডঃ ভূপেন হাজৰিকাৰ ‘আহ আহ ওলাই আহ সজাগ জনতা শীৰ্ষক গীতটো গাই ‘কা’ বিৰোধী সংগ্ৰাম তীব্ৰতৰ কৰাৰ বাবে সংকল্পবদ্ধ হয়।ইপিনে নগাঁও জিলা ছাত্ৰ সন্থাই নগাঁও এপেক্স বেংকৰ ওচৰত মেজিৰ জুইত ‘কা’ৰ প্ৰতিলিপি দাহ কৰে।অনুষ্ঠানটোত জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰিশংকৰ শইকীয়া,সম্পাদক অমৰজ্যোতি ফুকন উপস্থিত থাকে।আন্ত:পাঠৰি আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচীত অমৰজ্যোতি ফুকন আৰু মুবিনুৰ ৰহমান উপস্থিত থাকে।হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যসূচীত ছাত্ৰ নেতা নিপন শৰ্মা উপস্থিত থাকে।একেদৰে ৰহা,ৰাইদঙীয়া,ধিং,বটদ্ৰৱা,উৰিয়াগাঁও,কামপুৰ আদিতো ছাত্ৰ সন্থাৰ সদস্য সকলে মেজিৰ জুইত নাগৰিকত্ব (সংশোধনী) আইনৰ প্ৰতিলিপি দাহ কৰে।

ইপিনে অখিল গগৈকে ধৰি ‘কা’ বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ হোৱা সকলৰ মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিয়ে উৰুকাৰ দিনাৰ পৰা ভোগালী বিহুৰ দিনালৈকে অনশন কাৰ্যসূচী ৰূপায়ন কৰে।অনশন কাৰ্যসূচীত সত্তৰোদ্ধৰ প্ৰদীপ পাটৰ , দিলীপ বৰদলৈ, দুলুমনি বৰাই অংশগ্ৰহন কৰে।

WhatsApp Image 2020 01 16 at 06.37.44 | ASSAM TIMES POST

অনশনৰ পিচত বিশিষ্ট সমাজবাদী নেতা অমৰেন্দ্ৰ শৰ্মা, সমাজসেৱক মুকুট চন্দ্ৰ ভূঞা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই ফলৰ ৰস আৰু তিল পিঠা খোৱাই অনশন ভাঙে৷কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ সম্পাদক জীতেন বৰা, ডঃ ৰিয়াজুদ্দিন আহমেদ, কবি বুবুল শৰ্মা, অধিবক্তা পাৰ্থপ্ৰতীম বৰবৰা, চিপিএমৰ নেতা গোবিন নাথ,যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ উপদেষ্টা মনোজ সিংহ ৰাজা,নগৰ সমিতিৰ সভাপতি কাশ্যপ ফুকন,জ্যেষ্ঠ সাংবাদিক পলাশপ্ৰতীম হাজৰিকা, সাংবাদিক চন্দনজ্যোতি বৰাৰ লগতে লগতে যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলেও সহযোগিতা কৰে।

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
ADVERTISEMENT
FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে
National-International

FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে

July 15, 2026
50
Central Fund to Assam : নিৰ্বাচনী উপহাৰ, অসমৰ বাবে কেন্দ্ৰৰ প্ৰায় ৭৪৮ কোটিৰ পুঁজি ঘোষণা
National-International

E-20 Petrol । ইথানল মিশ্ৰিত পেট্ৰ’লে গাড়ীৰ মাইলেজ হ্ৰাস কৰিছে, কি কয় কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰীয়ে

July 15, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

FIFA 2026 । মুখ্যমন্ত্ৰীৰ বিশ্বকাপৰ উপহাৰ, এই চাৰি দিনত লাভ কৰিব বিশেষ সুবিধা

July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

July 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে

FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে

July 15, 2026
Central Fund to Assam : নিৰ্বাচনী উপহাৰ, অসমৰ বাবে কেন্দ্ৰৰ প্ৰায় ৭৪৮ কোটিৰ পুঁজি ঘোষণা

E-20 Petrol । ইথানল মিশ্ৰিত পেট্ৰ’লে গাড়ীৰ মাইলেজ হ্ৰাস কৰিছে, কি কয় কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰীয়ে

July 15, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

FIFA 2026 । মুখ্যমন্ত্ৰীৰ বিশ্বকাপৰ উপহাৰ, এই চাৰি দিনত লাভ কৰিব বিশেষ সুবিধা

July 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx