ASSAM TIMES POST
নগাঁওঃ ভোগালী বিহুৰ অন্যতম আকৰ্ষণ হৈছে ম’হ যুজঁ। উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা মানি বিগত কেইবাবছৰে আনুষ্ঠানিকভাৱে অনুষ্ঠিত হোৱা নাই মধ্য অসমৰ ৰহাৰ দেওবালি ম’হ যুজঁ। কিন্তু মহ গোৱালসকলে অনানুষ্ঠানিকতা আৰু পৰম্পৰা ৰক্ষা কৰি পাতি আহিছে ম’হ যুজঁ।
এইবাৰো পুনৰ অনানুষ্ঠানিকভাৱেহে মহ যুজঁ অনুষ্ঠিত কৰিবলৈ ওলাই আহিল ৰহাৰ দেওবালি মহ যুজঁ পৰিচালনা সমিতি । বৃহস্পতিবাৰে অনানুষ্ঠানিক ভাবে ৰহাৰ দেওবালিত অনুষ্ঠিত হল ম’হ যুজঁ। ম’হৰ গুৱাল তথা ৰাইজৰ মাজত দেখা গ’ল পাৰ ভঙা উছাহ । পুৰুষ- মহিলা সকলোৰে মাজত দেখা গল ব্যাপক উলহ- মালহ । হিলদল ভাঙি ওলাই আহিল বিভিন্ন অঞ্চলৰ ৰাইজ। দেওবালি ম’হ যুঁজ পথাৰত বৃহস্পতিবাৰে কেইবাহালো গৰলীয়া আৰু দমৰা ম’হে যুজঁত অৱৰ্তীণ হৈ উপস্থিত ৰাইজক আমোদ দিবলৈ সক্ষম হয়।












