ASSAM TIMES POST
জাতীয় উৎসৱ বিহুৰ জৰিয়তে আমাৰ সংস্কৃতি জীয়াই ৰাখিব লাগিবঃ ৰূপক শৰ্মা
নগাঁওঃ ‘কা’ আন্দোলনৰ মাজতে ৰাজ্যজুৰি পৰম্পৰাগত ভাবে উদযাপিত হৈছে অসমীয়াৰ ঐশ্বর্যৰ প্ৰতীক ভোগালী বিহু । আধুনিক অসমীয়া সমাজত ভোগালী বিহুক পোনপ্ৰথমে এক অনন্য ৰূপত উপস্থাপন কৰা নগাঁও চহৰৰ কলঙৰ বাকৰি ঐতিহ্যমণ্ডিত নেহৰুবালিত ১৪ জানুৱাৰীৰ সন্ধিয়াৰ পৰা চাৰি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হৈছে ১০৭ সংখ্যক সদৌ নগাঁও ভোগালী বিহু উৎসৱ। ১৪ জানুৱাৰীৰ সন্ধিয়া পৰম্পৰাগত ভাবে ভেলা ঘৰত নাম কীৰ্তনেৰে এই বিহু উৎসৱৰ শুভাৰম্ভ কৰা হয় ।

১৫ জানুৱাৰীৰ পুৱা নগাঁৱৰ শিশু ও নাৰী গৃহ আৰু শংকৰ মিশ্যনৰ আবাসীসকলক বিহুৰ জলপান বিতৰণ কৰা হয় । পুৱা ১১ বজাত বিহুৰ পতাকা উত্তোলন কৰে সদৌ নগাঁও ভোগালী বিহু উদযাপন সমিতিৰ সভাপতি ডা: দিলীপ বৰুৱাই। ইয়াৰ পিছতে দহগৰাকী বিশিষ্ট ব্যক্তিয়ে মেজি প্ৰজ্বলন কৰে।দিনৰ ১১-৩০ বজাত বিহুতলীত ভোগালী বিহু উৎসৱ সমিতিয়ে দুশগৰাকী জ্যেষ্ঠ নাগৰিকক বিশেষ ভাৱে সম্বৰ্ধনা জনায় ।
এই সম্বৰ্ধনা কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে জ্যেষ্ঠ জনক সন্মান জনোৱাটো আমাৰ বিহু সংস্কৃতিৰ এক অন্যতম পৰম্পৰা। এই পৰম্পৰা নৱ প্ৰজন্মৰ মাজলৈ লৈ যাব লাগিব। ভাষণ প্ৰসঙ্গত বিধায়ক গৰাকীয়ে আৰু কয় যে অসমৰ জাতীয় উৎসৱ বিহুৰ জৰিয়তে আমাৰ সংস্কৃতি জীয়াই ৰাখিব লাগিব । বিহু উদযাপন সমিতিৰ সম্পাদকদ্বয় জয়ন্ত কুমাৰ বৰা আৰু ৰঞ্জিত বৰাই আঁত ধৰা অনুষ্ঠানত বিহু উপলক্ষে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ ‘ভোগালী’ উন্মোচন কৰে বিধায়ক ৰূপক শৰ্মাই। ইয়াৰ পিছতে আত্ম সহায়ক বিপনী সমূহ মুকলি কৰে জিলা উপায়ুক্ত যাদৱ শইকীয়াই ।

বিয়লি বিভিন্ন প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। আনহাতে কালি সন্ধিয়া নেহৰুবালিৰ ভোগালী উৎসৱত যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটে । ইপিনে আজি ভোগালী উৎসৱৰ তৃতীয় দিনৰ কাৰ্যসূচীত ভূপেন্দ্ৰ সংগীত, চিত্ৰাংকন, ৰাভা সংগীত, টাইকোৱাণ্ডো আদি প্ৰতিযোগিতা আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। কাইলৈ সন্ধিয়া এই বিহু উৎসৱৰ সামৰণি পৰিব । উল্লেখ্য, মহিলা আত্ম সহায়ক গোটৰ বিপনী সমূহত মহিলা সকলে উৎপাদন কৰা থলুৱা বিভিন্ন সামগ্ৰী বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। এই বিপনী সমূহত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে। ইপিনে, নগাঁও চহৰৰ শিৱনগৰতো সমলয় সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত চাৰি দিনীয়া কাৰ্যসূচীৰে ভোগালী বিহু উদযাপিত হৈছে।













