ASSAM TIMES POSTS
অজন্তা তালুকদাৰ, বোকাখাতঃ
আজি বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ স্বৰ্গীয় প্ৰবীণচন্দ্ৰ বৰঠাকুৰ সোঁৱৰণী প্ৰেক্ষাগৃহত সাম্প্ৰতিক সময়ৰ অসমৰ এগৰাকী যশস্বী নাট্যকাৰ অমৰ শৰ্মাৰ একাংক নাট “মায়ংজকা”ৰ শুভমহুৰত অনুষ্ঠিত হৈ যায়। অনাগত ১১ৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব লগীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসত বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ে সাংস্কৃতিক, ক্ৰীড়া আদি কৰি আন শিতান সমূহৰ লগতে এই নাটখনিৰে মহোৎসৱৰ একাংক নাট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। এই উদ্দেশ্যে বন্তি প্ৰজ্বলন কৰে বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ উপাধ্যক্ষা মানসী ফুকনে আৰু নাৰিকল ভাঙি শুভমহুৰত সম্পন্ন কৰে নাট্যকাৰ অমৰ শৰ্মাই। অনুষ্ঠানৰ আৰম্ভণিতে অধ্যক্ষ ড° জয়ন্ত গগৈ, উপাধ্যক্ষা মানসী ফুকন আৰু নাট্যকাৰ অমৰ শৰ্মাক একোখনিকৈ ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়। নাটখনি পৰিচালনা কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পৰিবেশ্য কলা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী তথা উদীয়মান নাট পৰিচালক তথা মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তৰুণ তীৰ্থ শইকীয়াই, সংগীতত আছে তন্ময় শইকীয়া আৰু কংকন শইকীয়া, অভিনয়ত আছে ক্ৰমে মৃত্যুঞ্জয় শইকীয়া, প্ৰাঞ্জল জ্যোতি দত্ত, ঈশ্বী কুটুম, প্ৰাংগনা বৰা, ৰঞ্জিত কলিতা, মঞ্জিত শৰ্মা, বৈদুৰ্য্য তামুলী আৰু মধুস্মিতা দত্ত। নাটখনিৰ কাহিনী, পটভূমি আৰু চৰিত্ৰৰ এটি চমু আভাস ডাঙি ধৰি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় “মায়ংজকা”ৰ নাট্যকাৰ অমৰ শৰ্মাই।

অনুষ্ঠানত শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে ক্ৰমে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈ, উপাধ্যক্ষা মানসী ফুকন, অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপিকা ড° ৰুবী বৰা, কবি সাংবাদিক অজন্তা তালুকদাৰ, উদীয়মান নাট্যকৰ্মী তথা ছাত্ৰ নেতা দীপ ঠাকুৰীয়া আৰু পৰিচালক তৰুণ তীৰ্থ শইকীয়াই। মহুৰত অনুষ্ঠানটিত মহাবিদ্যালয়খনৰ শিক্ষকবৃন্দ ক্ৰমে অতুল বেজবৰুৱা, হিৰিম্পা শইকীয়া, পাপৰি বৰা মহন্ত, মনালিছা বুঢ়াগোহাঁই, দিপালী ৰাজকুমাৰী, দিপালী ৰাজখোৱা ফুকন, মনচুমি শৰ্মা আৰু কৃষ্ণ ৰংপিৰ লগতে নাটখনিৰ অভিনেতা অভিনেত্ৰী আৰু কলা-কুশলী প্ৰমুখ্যে ছাত্ৰ ছাত্ৰী সকল, উদীয়মান নাট্যকৰ্মী ক্ৰমে প্ৰণৱ শইকীয়া, অভিলাষ বৰবৰা আৰু দোলন বাহেক আদি উপস্থিত থাকে। উদীয়মান নাট্যকৰ্মী তথা ছাত্ৰ মৃত্যুঞ্জয় শইকীয়াই অনুষ্ঠানটিৰ আঁট ধৰে আৰু শেষত শলাগৰ শৰাই আগবঢ়ায়।













