ASSAM TIMES POST
নগাঁওঃ নগাঁও চহৰৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান সমলয় সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত চহৰখনৰ শিৱনগৰ অঞ্চলত যোৱা১৫ জানুৱাৰীৰ পৰা অনুষ্ঠিত ভোগালী উৎসৱৰ কালি নিশা সামৰণি পৰে।

কালি নিশা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত কলংপৰীয়া ঝংকাৰ গোষ্ঠীৰ জনগোষ্ঠীয় নৃত্য-গীত,নৃত্য শিল্পী গৌৰৱ কুমাৰ হাজৰিকাৰ ‘সূত্ৰধাৰ’ৰ শিল্পীসকলে মাটিৰ মঞ্চত পৰিবেশন কৰা প্ৰয়াত শিল্পী দিপালী বৰঠাকুৰৰ জীৱন আৰু সৃষ্টিৰ আধাৰত ‘দীপলিপ দীপালী’ আৰু সত্ৰ নগৰী মাজুলীৰ ঐতিহ্যক লৈ ‘মাজুলিয়ে ৰিঙিয়াই’ নামৰ নৃত্য- নাটিকা দুখনৰ লগতে কন্ঠ শিল্পী সংগীতা শইকীয়া আৰু বিষ্ণু শৰ্মাৰ গীতৰ অনুষ্ঠানে দৰ্শক ৰাইজক মুগ্ধ কৰে। ইপিনে ১৭ জানুৱাৰীৰ সন্ধিয়া শিৱনগৰ ভোগালী বিহু উৎসৱ সমিতিয়ে বিশিষ্ট সমাজকৰ্মী মুকুট চন্দ্ৰ ভূঞা আৰু শিল্পী অঞ্জলি মহন্তক সম্বৰ্ধনা জ্ঞাপন কৰে।

উক্ত অনুষ্ঠানত ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিৱনগৰ অঞ্চলৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা অয়ন জ্যোতি নাথ নামৰ ছাত্ৰ জনক স্হানীয় শিৱকান্ত বৰাৰ পৰিয়ালে পাঁচ হেজাৰ টকা নগদ ধনেৰে পুৰস্কৃত কৰে। উল্লেখ্য, শিৱকান্ত বৰাৰ পুত্ৰ নতুন দিল্লীৰ সৰ্ব ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানত কৰ্মৰত স্নায়ু বিশেষজ্ঞ ডা: শান্তনু বৰাই প্ৰতি বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অঞ্চলটোৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰা শিক্ষাৰ্থী গৰাকীক পাঁচ হেজাৰ টকা নগদ ধনেৰে পুৰস্কৃত কৰি আহিছে। ভোগালী বিহু উৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা ৰাইজক বিহু উৎসৱ সমিতিয়ে কৃতজ্ঞতা জ্ঞাপন কৰে।













