ASSAM TIMES POST
নগাঁওঃ নগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত আৰু চি এছ এছ আত্মাৰ সৌজন্যত নগাঁও চহৰৰ নেহৰুৱালিত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে কৃষি মেলা ২০১৯-২০ । এই কৃষি মেলাখন উদ্বোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৷ এই কৃষি মেলাত নগাঁও জিলাৰ কেইবাটাও উন্নয়ন খণ্ডৰ কৃষক সকলৰ দ্বাৰা উৎপাদিত বিভিন্ন কৃষিজাত সামগ্ৰী প্ৰদৰ্শন কৰা হয় আনহাতে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত নৱ প্ৰজন্মৰ কৃষক সকলক উৎসাহিত কৰিবলৈ নতুন-নতুন কৃষি প্ৰযুক্তি সমূহ মেলাত প্ৰদৰ্শন কৰা হয় ৷
এই প্ৰদৰ্শনীত মাটিত নাঙলেৰে হাল নোবোৱাকৈ কৰা আলু খেতি,বিভিন্ন জাতৰ উন্নত শাক-পাচলি,বিঘাই বিঘাই মাটিৰ পুখুৰী-ফিচাৰী অবিহনে কৰিব পৰা মীন খেতি,নতুন প্ৰজাতিৰ কুকুৰা ( ৰেইন’ৱ ৰৌষ্টাৰ ), ব’টা চৰাই, তথা নানা ধৰনৰ উন্নত কৃষি সা-সজুঁলি প্ৰদৰ্শন কৰা হয় ৷ কৃষি মেলা উদ্বোধন কৰি দিয়া ভাষনত বিধায়ক ৰূপক শৰ্মাই কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে কৃষি ক্ষেত্রত বিশেষ অগ্ৰাধিকাৰ দি আহিছে । খেতিয়কৰ ভঁৰাল ধানেৰে উপচি পৰিলেহে কৃষি ক্ষেত্রত অৰ্থনৈতিক উন্নয়ন সূচায় । বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰিব পাৰিলে উৎপাদন বৃদ্ধি হয়।
সেয়ে কৃষি বিভাগৰ এনেধৰণৰ উন্নত কৃষি প্ৰযুক্তিৰ ব্যৱহাৰে নৱ-প্ৰজন্মৰ উদীয়মান কৃষক সকলক অনাগত দিনত আৰু অধিক লাভান্বিত কৰিব ৷ আজিৰ শিক্ষিত যুৱক সকলক কৃষিকৰ্মৰ প্ৰতি আগ্ৰহী কৰাৰ বাবেই ৰাজ্য চৰকাৰে নতুন নতুন তথ্য প্ৰযুক্তি ব্যৱহাৰ কৰি কৃষিকৰ্মৰ উৎপাদন বৃদ্ধি কৰি কৃষকৰ দুগুণ হাৰত আয় বৃদ্ধি কৰিবলৈ গুৰুত্ব আৰোপ কৰিছে ৷ এই কৃষি মেলাৰ জৰিয়তে গ্ৰামাঞ্চলৰ কৃষক সকল অধিক উপকৃত হব বুলি বিধায়ক গৰাকীয়ে মন্তব্য কৰে ৷
নগাঁও জিলা কৃষি বিষয়া অশোক শৰ্মা খাউন্ডে উদ্দেশ্য বাখ্যা কৰা সভাখনত বিধায়ক ৰূপক শৰ্মাৰ লগতে জিলা উপায়ুক্ত যাদব শইকীয়া, ৰাজ্যিক সমন্বয়ক ডঃ মানিক গগৈ,কৃষি বিজ্ঞান কেন্দ্ৰৰ অধ্যক্ষ ড: নিৰঞ্জন ডেকা, চিলঙণি আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডঃ প্ৰতুল শৰ্মা, ফিচাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ শচীন্দ্ৰ বৰঠাকুৰ, মহকুমা কৃষি বিষয়া তথা আত্মাৰ সমন্বয়ক বিষয়া ৰবিজিত দত্ত চৌধুৰী ,নগাঁও জিলা পৰিষদৰ সভানেত্ৰী মুনমুনি দাস বৰা প্ৰমুখ্যে কৃষি বিভাগৰ বিভিন্ন বিষয়া কৰ্মচাৰী উপস্থিত থাকে।













