ASSAM TIMES POST
নগাঁওঃ ‘কা’ বাতিলৰ দাবীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ উদ্যোগত আজিৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে আধ্যাত্মিক প্ৰতিবাদী কাৰ্যসূচী। নগাঁও চহৰস্থ শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ নামঘৰত এই প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰা হয়। ‘কা’ বাতিল কৰা আৰু অসমীয়া জাতিৰ অস্তিত্ব, ভাষা- সংস্কৃতি ৰক্ষাৰ বাবে পৰম পিতা ভগৱানৰ ওচৰত একান্ত প্ৰাৰ্থনাৰে অনুষ্ঠিত কৰা হৈছে অবিৰত ভাগৱত পাঠ।
শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতিৰ ভকত-বৈষ্ণৱ, আই-মাতৃৰ উপস্থিতিত অবিৰত ভাগৱত পাঠৰ জৰিয়তে ‘কা’ বাতিলৰ বাবে চৰকাৰৰ সুমতি বিচাৰি আধ্যাত্মিক প্ৰতিবাদ সাব্যস্ত কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা সমিতিৰ বিষয়ববীয়া সকলে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় যে ‘কা’ই অসমৰ খিলঞ্জীয়া জনগণৰ ভাষা-সংস্কৃতি বিপন্ন কৰিব।
আনহাতে ‘কা’ আমি কোনো কাৰণতে নামানো বুলি মন্তব্য কৰি সংঘৰ জিলা সমিতিৰ সম্পাদক তোষেশ্বৰ বৰাই কয় যে চৰকাৰে সংখ্যাগৰিষ্ঠতাৰ বলত ‘কা’ গৃহীত কৰিছে যদিও অসমীয়া মানুহে ইয়াক দৃঢ় ভাবে প্ৰত্যাখ্যান কৰিছে। ‘কা’ বাতিল নোহোৱা পৰ্যন্ত আন্দোলন চলাই যাব বুলি তেওঁ মন্তব্য কৰে। এই আধ্যাত্মিক প্ৰতিবাদী কাৰ্যসূচী ২২ জানুৱাৰীত বিয়লি সামৰণি পৰিব।













