ASSAM TIMES POST
নগাঁওঃ নাগৰিকত্ব সংশোধনী আইন বাতিলক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ আন্দোলন চলি থকাৰ মাজতে অসম আন্দোলনৰ ছহিদ নিৰ্যাতিত পৰিয়ালৰ দুই সংগঠনৰ মাজত সংঘাতৰ সৃষ্টি হৈছে । সদৌ অসম জাতীয় ছহিদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিছে সদৌ অসম ছহিদ নিৰ্যাতিত পৰিয়াল পৰিষদে ।
উল্লেখ্য, যোৱা ৭ জানুৱাৰীত এখন সংবাদমেলৰ জৰিয়তে সদৌ অসম ছহিদ নিৰ্যাতিত পৰিয়াল পৰিষদৰ মূখ্য সম্পাদক মানিক চন্দ্ৰ দেবনাথে অসম জাতীয় ছহিদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ সভাপতি ৰাজেন ডেকাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল ।
সেই অভিযোগ মতে মৰিগাঁও জিলাৰ ছহিদ নন্দেশ্বৰ ডেকাক নন্দেশ্বৰ কোঁৱৰ, ছহিদ ৰামপদ ডেকাৰ স্থানত ৰাম ডেকা, ছহিদ সুকোমল বৰাক কোমল পাটৰ হিচাপে দেখুৱাই সংশ্লিষ্ট ব্যক্তি কেইগৰাকীৰ পৰিয়ালক চৰকাৰীভাৱে আগবঢ়োৱা পাঁচ লাখকৈ টকাৰ আৰ্থিক সাহাৰ্য পোৱাৰ ব্যৱস্থা কৰি দিছিল ৰাজেন ডেকাই । ফলত প্ৰকৃত ছহিদ নন্দেশ্বৰ ডেকা, ৰামপদ ডেকা আৰু সুকোমল বৰাৰ পৰিয়াল বঞ্চিত হ’ব লগা হয় ।
এই অভিযোগ উত্থাপন কৰাৰ দহ দিন উকলি যোৱাৰ পিছতো ৰাজেন ডেকাই মানিক দেবনাথৰ অভিযোগৰ সম্পৰ্কত অৰ্থাৎ মৰিগাঁও জিলাৰ তিনিটা ছহিদ পৰিয়ালৰ আৰ্থিক সাহাৰ্যক লৈ সংঘটিত দুৰ্নীতিৰ প্ৰসংগক লৈ কোনো স্পষ্টীকৰণ আগবঢ়াব পৰা নাই । সেয়েহে এই সন্দৰ্ভত মানিক চন্দ্ৰ দেৱনাথে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি সংবাদ মাধ্যমক অৱগত কৰে ।













