ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ দৈয়াং হাইড্ৰ প্ৰজেক্টৰ অভিযন্তা তথা লেখক সুনীল শৰ্মাৰ যোৱা ১৯ জানুৱাৰীৰ নিশা প্ৰায় ১১ বজাত গোলাঘাটৰ চন্দন নগৰৰ নিজা বাসভৱনত দেহাৱসান ঘটে৷
জানিব পৰা মতে, প্ৰয়াত হৰেশ্বৰ শৰ্মাৰ পুত্ৰ সুনীল শৰ্মা প্ৰায় ছমাহ ধৰি কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছিল৷ ৫৮ বছৰ বয়সত মৃত্যু হোৱা শৰ্মাই ইহসংসাৰত পত্নী, এজন পুত্ৰ, এগৰাকী কন্যাসহ বহু আত্মীয়-স্বজনক এৰি থৈ গৈছে৷ তেওঁৰ মৃত্যুৰ বতৰা বিয়পি পৰাৰ লগে লগে শুভাকাংক্ষী আৰু তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জনায়৷
উল্লেখ্য যে এজন অভিযন্তা হিচাপে নিজ দায়িত্ব পালন কৰা সুনীল শৰ্মা বহু কেইটা গুণৰ অধিকাৰী আছিল৷ তেওঁ বিভিন্ন আলোচনীত প্ৰৱন্ধ আদি লিখামেলা কৰিছিল৷ সাংস্কৃতিক ক্ষেত্ৰত বিশেষ ৰাপ থকা শৰ্মাই বাহীঁকে ধৰি বিভিন্ন বাদ্যযন্ত্ৰ বজাইছিল৷ তেওঁৰ মৃত্যুত সমগ্ৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে৷













