ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ বোকাখাত মহকুমাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজৰ খতিয়ান লােৱাৰ উদ্দেশ্যে এখনি গুৰুত্বপূর্ণ সভা আজি বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়।

এই সভাত অসম চৰকাৰৰ বিত্ত, শিক্ষা, স্বাস্থ্য আৰু পৰিয়াল-কল্যান, গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা, কৃষি, পশুপালন আৰু পশু চিকিৎসা, উদ্যান, শস্য আৰু খাদ্য সংশাধন বিভাগৰ মন্ত্রী তথা বোকাখাতৰ স্থানীয় বিধায়ক অতুল বৰা, জলসম্পদ, বিজ্ঞান ও প্ৰযুক্তি, তথ্য আৰু প্রযুক্তি আদি বিভাগৰ মন্ত্রী কেশৱ মহন্ত, পঞ্চায়ত ও গ্রামােন্নয়ন, পৰিবেশ ও বন বিভাগৰ ৰাজ্যিক মন্ত্ৰী নৱ দলে, নগৰ উন্নয়ন তথা স্বাস্থ্য ও পৰিয়াল কল্যান বিভাগৰ ৰাজ্যিক মন্ত্রী পিযুষ হাজৰিকা প্ৰমুখ্যে গােলাঘাট জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক ক্ৰমে ধীৰেণ আৰু পুষ্প ৰাজ সিং, বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যাম আৰু বিভিন্ন উন্নয়ন বিভাগৰ মূৰব্বী বিষয়াসকল উপস্থিত থাকে।

সভাত মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই গড়কাপ্তানী পথ তথা গৃহ বিভাগৰ অধীনত বােকাখাত আৰু গােলাঘাট জিলাত চলি থকা সকলাে নির্মানকাৰ্য্য খৰতকীয়াকৈ
আগবঢ়াই নিবলৈ নির্দেশ দিয়ে। আনহাতে জনস্বাস্থ্য-কাৰিকৰী বিভাগৰ বিকল হৈ থকা পানীযােগান আঁচনি সমূহ কার্যক্ষম কৰি তুলিবৰ বাবে সােনকালেই যথাবিহিত ব্যৱস্থা লোৱা হব বুলিও মন্ত্ৰী গৰাকীয়ে আশ্বাস দিয়ে।
সভাত মন্ত্রীগৰাকীয়ে বিভিন্ন বিভাগৰ সমস্যাসমূহৰ বিষয়ে বুজ লয় আৰু বােকাখাতৰ লগতে সমগ্র গােলাঘাট জিলাৰ সৰ্বাংগীন উন্নয়নৰ হকে উৎসাহেৰে কাম কৰি যাবলৈ সকলাে বিভাগৰ মূৰব্বী বিষয়া সকললৈ নির্দেশ দিয়ে।













