ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ আজি ১১ নং কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে বোকাখাতত মুঠ চাৰিটা অনুষ্ঠানৰ এলানি দিনজোৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷
সাংসদ উন্নয়ন পুঁজিৰে কাজিৰঙা ৱৰ্ল্ড হেৰিটেজ লাৰ্নিং এণ্ড ইনফৰমেচন চেণ্টাৰৰ নিৰ্মিত ভৱনটি সাংসদ গৌৰৱ গগৈয়ে উদ্ধোধন কৰি পৰ্যটকৰ বাবে এক উল্লেখনীয় অৱদান আগবঢ়ায়। উল্লেখ্য যে সাংসদ গৰাকীয়ে কাজিৰঙাৰ পানবাৰীস্থ বন্য জন্তু উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্ৰৰ কাষতে নিৰ্মিত এই অনুষ্ঠানটিৰ বাবে কলিয়াবৰ সাংসদ উন্নয়ন পূঁজিৰ ২০১৭-১৮ বৰ্ষৰ দহ লাখ টকাৰ অনুদান প্ৰদান কৰাৰ লগতে বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা বিজ্ঞান মহাবিদ্যালয়ৰ ৰূপালীজয়ন্তী বৰ্ষ উদ্যাপন উপলক্ষে ছাত্ৰাবাস নিৰ্মানৰ বাবেও দহ লাখ টকাৰ অনুদান আগবঢ়ায় আৰু আধাৰশিলা স্থাপন কৰে।
সাংসদ পূঁজিৰ তিনি লাখ টকাৰ সাহায্যপ্ৰাপ্ত বাদুলীপাৰ জুনিয়ৰ মহাবিদ্যালয়ৰ পকীবেৰা নিৰ্মাণৰ আধাৰশিলা, দুই লাখ টকাৰ সহায্যপ্ৰাপ্ত ৰজাবাৰী সাৰ্বজনিন পূজা মন্দিৰ নিৰ্মাণৰ আধাৰশিলাও আজিয়ে স্থাপন কৰা হয়। উক্ত দিনজোৰা কাৰ্যসূচীত অংশগ্ৰহণৰ লগতে সাংসদ গৰাকীয়ে অহা ৫ ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব লগীয়া ৮৯ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বোকাখাত অধিৱেশনস্থলী “কাজিৰঙা ঐতিহ্য ক্ষেত্ৰ”ত উপস্থিত হৈ কৰ্মৰত ভক্তপ্ৰাণ ৰাইজৰ বুজ লয়৷
উক্ত কেওতা কাৰ্যসূচীত সাংসদ গৰাকীৰ সৈতে উপস্থিত থাকে ব্লক কংগ্ৰেছ সমিটিৰ সভাপতি ধৰ্মেশ্বৰ কুৰ্মী, প্ৰদেশ কংগ্ৰেছ সমিটিৰ সম্পাদক দাদু টায়ে, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বকুল হাজৰিকা আৰু উপ সভাপতি তপন কৰ্মকাৰ, ব্লক কংগ্ৰেছৰ উপসভাপতি বিপুল দাস আৰু সাধাৰণ সম্পাদক বিমল দলেৰ লগতে পৰাগ শইকীয়া, লক্ষীপ্ৰসাদ শইকীয়া, সীমান্ত শইকীয়া জিতু শইকীয়া, জুম্মাদিন খান, গোপাল দাস আদি৷













