ASSAM TIMES POST
নগাঁওঃ জাতিধ্বংসী ‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও নগৰ সমিতিৰ উদ্যোগত আৰু মৰিকলং আঞ্চলিক সমিতিৰ সহযোগত আজি সন্ধিয়া ‘কা’ৰ বিৰুদ্ধে এক প্ৰতিবাদী সভা আৰু জোৰ সমদল উলিওৱা হয়।
কেবা শতাধিক প্ৰতিবাদকাৰীয়ে মৰিকলং চাৰিআলিৰ ৰাজপথত সমবেত হৈ ‘কা’ বিৰোধী বিভিন্ন শ্লোগান দি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে। উক্ত অনুষ্ঠানত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দীপমনি বৰাই অংশ গ্ৰহণ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বক ভাৱে ‘কা’ জাপি দি অসমীয়া জাতিক ধ্বংসৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ এই ষড়যন্ত্ৰক শক্তিশালী ভাবে প্ৰতিহত কৰিব লাগিব।

‘কা’ কোনো কাৰণতে মানি লোৱা নহ’ব বুলি উল্লেখ কৰি বৰাই মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু অগপৰ তিনি মন্ত্ৰীক কঠোৰ সমালোচনা কৰি কয় যে এই সকল নেতাই জাতি মাটি ভেটিৰ নামত অসমীয়া ৰাইজক প্ৰতাৰণা কৰিছে। এই প্ৰতাৰণাৰ যোগ্য প্ৰত্যুত্তৰ দিব লাগিব। প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি পৰিষদৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই কয়-কা’ই অসমীয়া জাতিৰ আত্ম পৰিচয়ত আঘাত হানিব। ‘কা’ৰ জৰিয়তে হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰিব বিচৰা কাৰ্য আমি মানি নলও।
ধৰ্মৰ ভিত্তিত বিদেশীক ভাগ ভাগ কৰিব বিচাৰি কেন্দ্ৰীয় চৰকাৰে সাম্প্ৰদায়িক ৰাজনীতি কৰিব বিচাৰিছে। অসমত সাম্প্ৰদায়িকতাৰ স্থান নাই বুলি মন্তব্য কৰি বনিয়াই কেন্দ্ৰীয় চৰকাৰৰ এই সাম্প্ৰদায়িক ৰাজনীতি পুলিয়ে পোখাই উৎখাত কৰিবলৈ আহ্বান জনায়। প্ৰতিবাদী কাৰ্যসূচীত যুৱ ছাত্ৰ পৰিষদৰ নেতা মনোজ সিংহ ৰাজা, কাশ্যপ ফুকনকে ধৰি কেইবাটিও সংগঠনৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে। যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলে ডবা, কাহ খোল, তাল বজাই হাতে হাতে জোৰ লৈ মৰিকলঙৰ পৰা নগাঁও চহৰৰ মুল পথেদি জোৰ সমদল উলিয়াই নগাঁৱত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদীকাৰী সকলে ‘কা’ বিৰোধী বিভিন্ন শ্লগান দিয়ে।













