
আমেৰিকাত গৌতম আদানি (Gautam Adani) আৰু তিনিজন লোকৰ বিৰুদ্ধে উৎকোচৰ অভিযোগ উত্থাপিত হোৱা নাই। বুধবাৰে এক বিবৃতিত এই দাবী কৰে আদানী ইণ্ডাষ্ট্ৰিয়েল গ্ৰুপে (Adani Industrial Group)। অৱশ্যে আমেৰিকাৰ ন্যায় বিভাগে উদ্যোগপতি গৌতম আদানি, তেওঁৰ ভতিজা সাগৰ আদানি আৰু কোম্পানীটোৰ অন্যতম শীৰ্ষ কাৰ্যবাহী বিনীত জৈনক অন্য তিনিটা অভিযোগত অভিযুক্ত কৰিছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। ইয়াৰ উপৰি দাবী কৰা হৈছে যে আদানি গ্ৰুপে বিদেশী দুৰ্নীতিগ্ৰস্ত প্ৰথা আইন (Foreign Corrupt Practices Act) (এফচিপিএ) উলংঘা কৰা নাই (Not infringed)।
ইয়াৰ বাহিৰেও উৎকোচ সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিক ‘বিভ্ৰান্তিকৰ’ বুলি দাবী কৰা হৈছে আদানি গ্ৰুপৰ বিবৃতিত। উল্লেখ্য য়ে যোৱা বুধবাৰে আমেৰিকাৰ ষ্টক মাৰ্কেট নিয়ন্ত্ৰক এছ ই চি (চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছন) আৰু ন্যায় বিভাগে গৌতম, তেওঁৰ ভতিজা সাগৰ আৰু তেওঁলোকৰ সহযোগীসকলৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে ।

অভিযোগ অনুসৰি, ভাৰতৰ বিভিন্ন ৰাজ্যত বজাৰৰ পৰা ২৬.৫ মিলিয়ন ডলাৰ (প্ৰায় ২,২৩৭ কোটি টকা) উৎকোচ দিছিল সৌৰশক্তি অধিক মূল্যত বিক্ৰী কৰাৰ আৱণ্টন আদায় কৰিবলৈ। তাত কোৱা হৈছে যে আদানীয়ে ২০ বছৰ ধৰি ইয়াৰ পৰা ২০ কোটি ডলাৰ (প্ৰায় ১৬,৯০০ কোটি টকা) লাভ কৰাৰ পৰিকল্পনা কৰিছিল।
অভিযোগ অনুসৰি, উৎকোচ সংগ্ৰহৰ তথ্য গোপনে ৰাখি এই প্ৰকল্পৰ বাবে বণ্ডৰ জৰিয়তে বিনিয়োগকাৰীৰ পৰা ৭৫ কোটি ডলাৰ (প্ৰায় ৬৩৩৮ কোটি টকা) ঘৰলৈ লৈ গৈছিল আদানি গ্ৰীণ কোম্পানীয়ে। আমেৰিকাৰ বিনিয়োগকাৰীৰ পৰা ১ কোটি ৭৫ লাখ ডলাৰ উলিওৱা বুলিও দাবী কৰা হৈছে। অভিযোগ উত্থাপন হৈছে যে তেওঁলোকে আমেৰিকাৰ সংযুক্ত প্ৰতিষ্ঠানৰ সৈতে চুক্তিবদ্ধ হৈ দেশখনৰ বিনিয়োগকাৰীৰ পৰা ধন লৈছিল। নিয়ম অনুসৰি যদি কোনো কোম্পানীয়ে আমেৰিকাৰ ষ্টক মাৰ্কেটৰ পৰা ধন সংগ্ৰহ কৰে তেন্তে দেশখনৰ সকলো আইন মানি চলাটো বাধ্যতামূলক। এই ক্ষেত্ৰত অভিযোগ কৰা হৈছে যে আদানিয়ে উৎকোচৰ ধনৰ এটা অংশ আমেৰিকাৰ বজাৰৰ পৰা সংগ্ৰহ কৰিছিল, যিটো অবৈধ। ফলত গোচৰ ৰুজু কৰা হয়। অৱশ্যে আদানি গ্ৰুপে এক বিবৃতিত এই অভিযোগ অস্বীকাৰ কৰে।












