
উত্তৰ প্ৰদেশৰ কাছগঞ্জত (UP Rape Case) প্ৰেমিকৰ সৈতে ফুৰিবলৈ যোৱা অৱস্থাত এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ। উক্ত ঘটনাত আৰক্ষীয়ে আটক কৰিছে আঠজন লোকক।

কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে অভিযোগ কৰিছে যে ইয়াৰ ভিতৰত এজন বিজেপি নেতাও আছে। কাছগঞ্জৰ আৰক্ষী অধীক্ষক অংকিতা শৰ্মাই কয় যে হাজাৰা খালৰ গাতে লাগি থকা অঞ্চলত প্ৰেমিকৰ সৈতে ফুৰিবলৈ গৈছিল ১৬ বছৰীয়া যুৱতীগৰাকী।
সেই সময়ত কেইবাজনো লোকে তেওঁক যৌন নিৰ্যাতন চলায়। টকা-পইচাও কাঢ়ি লৈ যায়। দহজনৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰা হয়। আনহাতে, দুজন ব্যক্তিৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণ আৰু ডকাইতিৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰে ৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
বাকীকেইজনৰ সন্ধান অব্যাহত আছে।
যোৱা ১০ এপ্ৰিলত এই ঘটনা সংঘটিত হয়। অভিযোগ পত্ৰত যুৱতীগৰাকীয়ে উল্লেখ কৰিছে যে প্ৰেমিকক ধৰি ৰাখি তীব্ৰ প্ৰহাৰ কৰা হয় আৰু তেওঁক যৌন নিৰ্যাতন চলায়। দুঘণ্টাৰ পিছত মুকলি কৰি দিয়া হয়।
ইয়াৰ পূৰ্বে অভিযুক্তই তেওঁৰ কাণফুলি খুলি নিয়ে। আনহাতে, ধৰ্ষণৰ ভিডিঅ’ লৈ প্ৰচাৰ কৰাৰ ভাবুকি দি ৫০০০ টকা আদায় কৰে। অৱশ্যে প্ৰথম অৱস্থাত এই কথা কাকো জনোৱা হোৱা নাছিল। কিন্তু ভুক্তভোগীৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত পৰিয়ালৰ লোকে এই বিষয়ে জানিব পাৰি থানাত অভিযোগ দাখিল কৰে।
ইফালে এই ঘটনাত এজন বিজেপি নেতাক গ্ৰেপ্তাৰ কৰা হৈছে বুলি দাবী কৰিছে কংগ্ৰেছে। তৃণমূল কংগ্ৰেছেও এক্স হেণ্ডেলত বিজেপিৰ বিধায়ক দেৱেন্দ্ৰ সিঙৰ সৈতে অভিযুক্তৰ ছবি দেখুৱাই লগতে কয়, “যি ৰাজ্যত ‘ডাবল ইঞ্জিন’ চৰকাৰ আছে, সেই সকলো ৰাজ্যতে ধৰ্ষণকাৰীক মালা পিন্ধাই নিৰাপত্তা দিয়া হয়। আৰু ভুক্তভোগীয়ে নিজাববীয়াকৈ প্ৰতিৰোধৰ কাম কৰিব লাগে।”










