
ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা আকস্মিক বানে উত্তৰাখণ্ডৰ (Uttarakhand Cloud Burst) উত্তৰকাশী জিলাৰ ধৰালী গাঁৱৰ এটা বৃহৎ অংশ পানীয়ে উটুৱাই লৈ যায়। সংবাদ মাধ্যম পি টি আয়ে গাঁৱৰ ৰাইজৰ উদ্ধৃতি দি প্ৰকাশ কৰা অনুসৰি, গাঁৱৰ বহু ঘৰেই নহয়, কমেও ২০-২৫ খন হোটেল আৰু হোমষ্টে জাহ গৈছে। ধ্বংসাৱশেষৰ তলত কমেও ১০-১২ জন লোক আবদ্ধ হৈ পৰাৰ আশংকা গাঁওবাসীৰ।

গাঁওখনৰ সমীপৰ ক্ষীৰগংগা নদীৰ ওপৰৰ অৱবাহিকাত সংঘটিত হয় এই ডাৱৰ বিস্ফোৰণ। ইয়াৰ পিছতে নদীখনৰ সোঁত ওখ পাহাৰৰ পৰা তললৈ নামি আহি গাঁৱৰ বিস্তৰ ক্ষতিসাধন কৰে।
ছ’চিয়েল মিডিয়াত প্ৰচাৰিত কেইবাটাও ভিডিঅ’ত দেখা গৈছে যে নদীৰ পানী ওখ পাহাৰৰ পৰা তলৰ গাঁওখনলৈ বৈ গৈছে।
ইয়াৰ পিছত পানী আৰু বোকা-পানীৰ সোঁত আৰু তললৈ গৈ সকলো এফালৰ পৰা ধাহি-মুহি নিছে। জানিব পৰা মতে, এই দুৰ্যোগত ইতিমধ্যে চাৰিজন লোকৰ মৃত্যু হৈছে। আনহাতে, প্ৰায় ৫০ জন লোক সন্ধানহীন। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে উদ্ধাৰ অভিযানত জিলা প্ৰশাসনৰ লগতে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীও জড়িত হৈ আছে।
ভাৰত-তিব্বত সীমান্ত আৰক্ষী চমুকৈ আই টি বি পিৰ ১৬ জন সদস্য ঘটনাস্থলীত উপস্থিত হৈছে। হিমালয়ৰ কোলাত থকা উত্তৰ ভাৰতৰ ৰাজ্যসমূহত বিগত কিছুদিন ধৰি বৰষুণ দি আহিছে। হৰিদ্বাৰত বিপদসীমাৰ ওপৰেৰে বৈ আছে গংগা। কালি নদীও বিপদসীমাৰ ওপৰত।
ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ বাবে উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাডুনৰ সকলো বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰ সোমবাৰে বন্ধ কৰিবলগীয়া হৈছিল। এই পৰিস্থিতিত ধুমুহাৰ আশংকা সৃষ্টি হৈছিল। কম সময়ৰ ভিতৰতে বৃহৎ পৰিমাণৰ বৰষুণ (ডাৱৰ বিস্ফোৰণ) হোৱাৰ বাবে উত্তৰকাশী জিলাৰ ধৰালী গাঁৱত পৰিস্থিতি দ্ৰুতগতিত অৱনতি ঘটে।
ধাৰাসাৰ বৰষুণৰ বাবে উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হোৱা বুলি জিলা প্ৰশাসনে অৱগত কৰিছে। বহুতো গুৰুত্বপূৰ্ণ পথ পানীৰ তলত। চাৰধামৰ অন্যতম গংগোত্ৰীৰ সৈতে পথ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। ধৰালী গাঁৱত ডাৱৰ বিস্ফোৰণৰ কিছু সময়ৰ পাছতে কাষৰীয়া সুখী টপত ডাৱৰ বিস্ফোৰণ হয়। অৱশ্যে এই পৰ্যন্ত কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই।
ধৰালী গাঁৱৰ পৰা মাত্ৰ চাৰি কিলোমিটাৰ দূৰৈত হৰ্ষিলত সেনা শিবিৰ। সেনাই জনোৱা মতে, ১০ মিনিটৰ ভিতৰতে ১৫০ জন লোক উক্ত স্থানত উপস্থিত হয়।
১৫-২০ জন লোকক উদ্ধাৰ কৰাৰ লগতে বাকীসকলক বিচাৰি উলিয়াবলৈ অভিযান অব্যাহত আছে। আহতসকলক সেনা শিবিৰত চিকিৎসা প্ৰদান চলি আছে। দুপৰীয়া ১.৪৫ বজাত সংঘটিত হয় এই দুৰ্যোগ। কিছু সময়ৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীক ফোন কৰে।
ছ’চিয়েল মিডিয়াত এটা পোষ্টত তেওঁ লিখিছে, “উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে ধৰালী বানৰ বিষয়ে কথা পাতিলোঁ। আমি এই বিষয়ে সোধা-পোছা কৰিছোঁ। আই টি বি পিৰ তিনিটা দল আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ চাৰিটা দল উক্ত স্থানত উপস্থিত হৈছে।”









