ASSAM TIMES POST
পাহাৰীয়া জিলা ডিমা হাচাওত ইণ্ডিজেনাছ পিপুলছ ফ’ৰামে মঙলবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা কৰিছে৷ এই বন্ধ চলি থকা সময়ত এজন যুৱক বাইক লৈ পথত গৈ থকা অৱস্থাত বন্ধ সমৰ্থনকাৰীয়ে আক্ৰমণ কৰে৷
ফলত যুৱকজন আহত হোৱাৰ লগতে তেওঁৰ বাইকখন ধ্বংস হয়৷ ইপিনে, আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ আক্ৰমণৰ পৰা যুৱকজনক উদ্ধাৰ কৰাৰ সময়ত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷
আৰক্ষীৰ প্ৰহাৰত ৪-৫ জন বন্ধ সমৰ্থক আহত হয়৷ আহতসকলক ইতিমধ্যে স্থানীয় চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়৷ অঞ্চলটোত বৰ্তমানে ১৪৪ ধাৰা জাৰি কৰা হৈছে৷ ইতিমধ্যে এলেকাটোত উত্তেজনা বিৰাজ কৰি আছে৷













